হাজো-শুৱালকুছি সমষ্টিৰ লাহেশ্বৰী চাপৰিত ব্ৰহ্মপুত্ৰই গতিপথ সলনি কৰাৰ ফলত মুকলি হোৱা প্ৰায় ২,৫০০ বিঘা ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভূমি পুনৰুদ্ধাৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী লাহেশ্বৰী চাপৰিত উপস্থিত হয়। উল্লেখ্য যে, কয়াতলত হাজোৰ লাহেশ্বৰী মন্দিৰৰ সমীপৰ পৰা শ্ৰীহাটীলৈকে ২,০০০ বিঘাৰো অধিক ভূমি উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে ৷ আনহাতে, চনকাত কাছশিলাৰ পৰা নৰসিংহ পাহাৰলৈ প্ৰায় ১,০০০ বিঘা ভূমি উদ্ধাৰৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। নৰসিংহ পাহাৰৰ পৰা গণেশ পাহাৰলৈ আন ১,৫০০ বিঘা ভূমি পুনৰুদ্ধাৰৰ পৰিকল্পনাও কৰা হৈছে।

বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়ে ৰাজ্যখনৰ বিস্তৃত ভূমি ক্ষতিগ্ৰস্ত কৰি আহিছিল। শেহতীয়াকৈ নদীখনে স্বাভাৱিকভাৱে গতিপথ সলনি কৰাত লাহেশ্বৰী চাপৰিত এই বৃহৎ ভূমি মুকলি হৈছে।

ৰাজ্য চৰকাৰে মুকলি হোৱা ভূমিখিনি বিজ্ঞানসন্মত পদ্ধতিৰে পুনৰুদ্ধাৰ কৰি জনসাধাৰণৰ কল্যাণ আৰু উৎপাদনশীল কামত ব্যৱহাৰৰ উপযোগী কৰাৰ লক্ষ্য লৈছে। উদ্ধাৰ হোৱা এই ভূমিসমূহক কৃষি, উদ্যোগ, পৰ্যটন আৰু জনসাধাৰণৰ জীৱিকাৰ নতুন আধাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে।