মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত ।

মাকুম,১০ নৱেম্বৰ: আজি মাকুম থানাৰ অন্তৰ্গত মাকুম বাইপাছৰ চান্দমাৰি তিনিআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোক। তাৰ পাছতে পুনৰ মাকুমৰ বেতজান বাইপাছত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। জানিব পৰা মতে, কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত মাকুম বাইপাছৰ চান্দমাৰি তিনিআলিত পথ পাৰ হ’বলৈ ৰৈ থকা অৱস্থাত এ এছ–০৩–এ কিউ–৩৪৫৭ নম্বৰৰ এখন গ্ৰেণ্ড আই-10 বাহনে লোকজনক খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে লোকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে। নিহত লোকজন মাকুমৰ কলাবাৰী নিবাসী নৰবাহাদুৰ প্ৰধান বুলি জানিব পৰা গৈছে। লোক জন মাকুম কেষান ফেক্টৰীত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। আনটো দুৰ্ঘটনা মাকুম বেতজান বাইপাছত সংঘটিত হয়। জানিব পৰা মতে, তিনিচুকীয়াৰ দিশে গৈ থকা অৰুণাচল প্ৰদেশৰ নামচাইৰ এ এছ–২৩–ডব্লিউ–৭৮৯০ নম্বৰৰ এখন মাহিন্দ্ৰা বলেৰো বাহনে মাকুম চহৰৰ পৰা বাইপাছৰ দিশে আহি থকা এখন মাৰুটি ভেনক বচাবলৈ চেষ্টা কৰোঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। মাৰুটি ভেন খনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই মাহিন্দ্ৰা বলেৰো বাহনখন পথৰ ওপৰতে তিনিবাৰকৈ বাগৰি পৰে। ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। অৱশ্যে সৌভাগ্যক্ৰমে বাহনখনত থকা চাৰিগৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰে। দুৰ্ঘটনাটোত লোককেইজন কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ইপিনে, দুৰ্ঘটনাৰ পিছতে ভানখন ঘটনাস্থলীৰ পৰা আঁতৰি যোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে মাকুম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গ্ৰেণ্ড আই-10 বাহনখন সহ চালক জনক থানালৈ লৈ যোৱাৰ লগতে আনটো দুৰ্ঘটনাত পতিত হোৱা লোক কেইজনক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়।