গুৱাহাটী: শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ বাবে আৰ্থিক সাহায্যৰ ধন মুকলি নকৰাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

গগৈয়ে অভিযোগ কৰে যে, ৰাজ্যত অবৈধ কয়লা, গৰু আৰু চুপাৰী ছিণ্ডিকেট মুক্তভাৱে চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ছিণ্ডিকেট চলিবলৈ দিছে বুলি অভিযোগ কৰি তেওঁ কয় যে অসম এখন ‘মাফিয়া ৰাজ্য’ত পৰিণত হৈছে।

তেওঁ কয়, ছিণ্ডিকেটৰ ধনৰ পৰা প্ৰায় ১০০ কোটি টকা পালে নিজৰ সমষ্টিৰ বানাক্ৰান্ত লোকসকলৰ মাজত সেই ধন বিতৰণ কৰিব পাৰিলেহেঁতেন। শিৱসাগৰৰ বানাক্ৰান্তসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীক বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো প্ৰয়োজনীয় ধন মুকলি কৰা হোৱা নাই বুলি তেওঁ অভিযোগ কৰে।

“শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু একো নহ’ল। বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো তেওঁ বানাক্ৰান্তসকলক সহায়ৰ বাবে প্ৰয়োজনীয় ধন মুকলি নকৰিলে।”

ছিণ্ডিকেটৰ বিষয়টো লৈ মুখ্যমন্ত্ৰীলৈ প্ৰায় ১০টা বাৰ্তা প্ৰেৰণ কৰাৰ লগতে জিলাধিপতি, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানকো অৱগত কৰিছিল বুলি গগৈয়ে জনায়। কিন্তু বিষয়টো দৃষ্টিগোচৰ কৰাৰ পাছতো ৰাজ্যত অবৈধ ছিণ্ডিকেট বন্ধ কৰিবলৈ কোনেও সন্মত হোৱা নাই বুলি তেওঁ অভিযোগ কৰে।