গুৱাহাটী, ১১ নৱেম্বৰ: অসমৰ ডিগাৰু ৰে’ল ষ্টেচনত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত ৮জন লোক আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। চিকিৎসালয়ৰ এখন নথিত তেওঁলোকক ৰে’ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বুলি পঞ্জীয়ন কৰা হৈছে।

চিকিৎসালয়ৰ নথি অনুসৰি, আঘাতপ্ৰাপ্তসকলৰ ভিতৰত পাঁচজন পুৰুষ আৰু তিনিগৰাকী মহিলা আছে। তেওঁলোকৰ বয়স ৭ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত। চিকিৎসাৰ অন্তত আটাইকেইজনকে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।

আঘাতপ্ৰাপ্তসকল হ’ল হোজাইৰ ৰামপুৰ বস্তিৰ ২৯ বছৰীয়া নীতিশ কুমাৰ ৰায় আৰু ৩৩ বছৰীয়া অক্ষয় চক্ৰৱৰ্তী, মিজোৰামৰ আইজল জিলাৰ ইষ্ট ফাৰলাঙৰ ৩৫ বছৰীয়া ৰামবোৱাট চাইটা মিজু, ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বানিয়ামাৰী পাৰ্ট-১ৰ ৪০ বছৰীয়া কালিমুদ্দিন আৰু ৩৫ বছৰীয়া মমতাজ বেগম।

ইয়াৰ উপৰি, কোকৰাঝাৰ জিলাৰ আলোপাৰাৰ ২৮ বছৰীয়া জিমি বৰ্মন, বগৰীবাৰীৰ ৩০ বছৰীয়া নুজাহান বিবি আৰু ৭ বছৰীয়া কাহিনুৰ আলীও আহত হৈছিল।

বুধবাৰে পুৱা প্ৰায় ৬.৫৪ বজাত ডিগাৰু ৰে’ল ষ্টেচনত ১৩১২৫ নম্বৰৰ কলকাতা–ছাইৰাং এক্সপ্ৰেছখন লাইনচ্যুত হয়। আন এখন ৰে’লক অগ্ৰাধিকাৰ দিবলৈ ষ্টেচনত ৰে’লখন ৰখোৱাৰ সময়তে ইঞ্জিনসহ পাঁচটা দবা লাইনচ্যুত হৈছিল।

প্ৰথম অৱস্থাত ৰে’লৱে কৰ্তৃপক্ষই সকলো যাত্ৰী সুৰক্ষিত আৰু কোনো লোক আহত হোৱা নাই বুলি জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ নথিত আঠজন লোকৰ আঘাতৰ তথ্য পঞ্জীয়ন হোৱাৰ কথা পোহৰলৈ আহে। দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰাৰ লগতে যাত্ৰীসকলক নিজ নিজ গন্তব্যস্থানলৈ নিবলৈ বিকল্প ৰে’লৰ ব্যৱস্থা কৰা হয়।