লক্ষ্ণৌ, ১১ নৱেম্বৰ, ২০২৬:

‘২০১৭ৰ পূৰ্বে চৰকাৰী নিযুক্তি ব্যৱস্থাত সক্ৰিয় আছিল মুন্না ভাইসকল’, পূৰ্বৰ চৰকাৰক লক্ষ্য যোগীৰ২০১৭ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ চৰকাৰী নিযুক্তি ব্যৱস্থাক লৈ পূৰ্বৰ চৰকাৰসমূহক তীব্ৰ সমালোচনা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে সেই সময়ত চৰকাৰী নিযুক্তি ব্যৱস্থাত ‘মুন্না ভাই’সকলৰ প্ৰভাৱ আছিল।

বুধবাৰে লক্ষ্ণৌত ১,১৪৬গৰাকী নৱনিযুক্ত কনিষ্ঠ সহায়কক নিযুক্তি পত্ৰ প্ৰদানৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূৰ্বৰ চৰকাৰক লক্ষ্য কৰি কটাক্ষ কৰে।তেওঁৰ মতে যোগ্য প্ৰাৰ্থীসকলক বঞ্চিত কৰি কেৱল টকাৰ লেনদেন আৰু প্ৰভাৱশালী ব্যক্তিৰ চুপাৰিছৰ ভিত্তিতহে চৰকাৰী চাকৰি বিতৰণ কৰা হৈছিল বুলি মন্তব্য কৰিছে।

যোগী আদিত্যনাথৰ অভিযোগ অনুসৰি, ২০১৭ চনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিযুক্তি প্ৰক্ৰিয়া একাংশ ছিণ্ডিকেটৰ নিয়ন্ত্ৰণত আছিল। পৰীক্ষাত এজন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিযুক্তি লাভ কৰিছিল আন এজন ব্যক্তিয়ে। আনকি ধনৰ লেনদেন আৰু ৰাজনৈতিক প্ৰভাৱৰ জৰিয়তেও নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘২০১৭ৰ পূৰ্বে চৰকাৰী ব্যৱস্থা আৰু নিযুক্তি প্ৰক্ৰিয়াত মুন্না ভাইসকল সক্ৰিয় আছিল। এজন ব্যক্তিয়ে পৰীক্ষা দিছিল, আন এজন ব্যক্তিয়ে নিযুক্তি লাভ কৰিছিল।’ ২০১৭ চনত তেওঁৰ চৰকাৰ শাসনলৈ অহাৰ পিছত এই সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত কৰা হৈছে। কোনো ধৰণৰ ভেটি বা দুৰ্নীতি নোহোৱাকৈ যুৱক-যুৱতীসকলে নিজৰ যোগ্যতাৰ বলত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ দাবী কৰে।

উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত অনুষ্ঠানত ১,১৪৬গৰাকী নৱনিযুক্ত কনিষ্ঠ সহায়কক নিযুক্তি পত্ৰ প্ৰদান কৰে যোগী আদিত্যনাথে। অনুষ্ঠানত তেওঁ নিজৰ চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ কথাও উল্লেখ কৰে।

ইয়াৰ পূৰ্বে ১৫ আগষ্টলৈকে উত্তৰ প্ৰদেশত ৯.৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি আৰু সেৱাৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পূৰ্বৰ চৰকাৰসমূহৰ নিযুক্তি ব্যৱস্থাক লৈ যোগী আদিত্যনাথৰ এই মন্তব্যই উত্তৰ প্ৰদেশৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।