ভেৰগাঁও, ১১ নৱেম্বৰ: ওদালগুৰি জিলাৰ ভেৰগাঁৱত দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা এটা পথৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এছঅ'পিডি-বিটিচি আঁচনিৰ অধীনত ২০২৬-২৭ বিত্তীয় বৰ্ষত খাগ্ৰাবাৰীৰ পৰা মাজগাঁও ভাটৌ মন্দিৰ হৈ ভেৰগাঁও পি ডব্লিউ ডি পথলৈ সংযোগী আইচিবিপি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়।
ভেৰগাঁও টিচিএলচিচিৰ অধ্যক্ষ মহেন্দ্ৰ বসুমতাৰীৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ বড়োৱে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।
দীৰ্ঘদিন ধৰি পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল। বিশেষকৈ দৈনন্দিন যাতায়াতৰ লগতে শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ চলাচলতো অসুবিধাৰ সৃষ্টি হৈছিল।
পথ নিৰ্মাণৰ এই পদক্ষেপে অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ সমাধানত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
ইফালে, পথ নিৰ্মাণৰ পদক্ষেপক আদৰণি জনাই গাঁওবাসীয়ে মহেন্দ্ৰ বসুমতাৰীক ধন্যবাদ জ্ঞাপন কৰে। অঞ্চলটোৰ উন্নয়নৰ বাবে আগন্তুক দিনতো বিভিন্ন কাম-কাজ গ্ৰহণ কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে আশ্বাস প্ৰদান কৰে।