গুৱাহাটী, ১১ নৱেম্বৰ: অসম সাহিত্য সভাৰ আগন্তুক সম্পাদকপ্ৰধান পদৰ নিৰ্বাচনক লৈ ৰাজ্যৰ সাহিত্যিক মহলত তৎপৰতা বৃদ্ধি পাইছে। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১১ নৱেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী নয়নমণি চৌধুৰীয়ে।
গুৱাহাটীৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত থকা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে।
প্ৰায় ১০খন বাহনৰ কনভয়েৰে কাৰ্যালয়ত উপস্থিত হোৱা চৌধুৰীৰ লগত অসম সাহিত্য সভাৰ বিভিন্ন শাখাৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন জিলাৰ সাহিত্যপ্ৰেমীসকলো উপস্থিত আছিল।
মনোনয়ন দাখিলৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থক আৰু শাখা প্ৰতিনিধিৰ যথেষ্ট সমাগম হয়।
অসম সাহিত্য সভাৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সম্পাদকপ্ৰধান পদৰ এই নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।