গুৱাহাটী, ১১ নৱেম্বৰ: চিআইএছচিইৰ নামত জাৰি হোৱা বুলি কোৱা ভুৱা দশম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অসমৰ ৪,৯৩৪জন শিক্ষাৰ্থীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় বিভাগে এই তথ্য পোহৰলৈ আনিছে।
পৰিষদে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবলৈ প্ৰেৰণ কৰা পত্ৰত জনাইছে যে, ২০২৫-২৬ শিক্ষাবৰ্ষত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ২,০৮৩জন আৰু ২০২৬-২৭ শিক্ষাবৰ্ষত নামভৰ্তি কৰা ২,৮৫১জন শিক্ষাৰ্থীয়ে এনে প্ৰমাণপত্ৰ দাখিল কৰিছিল। এই প্ৰমাণপত্ৰসমূহ জাৰি কৰা প্ৰতিষ্ঠানবোৰ চিআইএছচিইৰ সৈতে সংযুক্ত নহয় বুলি পৰিষদে উল্লেখ কৰিছে।
চিআইএছচিইৰ সৈতে সংযুক্ত বিদ্যালয়ৰ তালিকা পৰীক্ষা কৰি পৰিষদে অসম আৰু অৰুণাচল প্ৰদেশত এনে বিদ্যালয়ৰ সংখ্যা মাত্ৰ ২৮খন বুলি জানিব পাৰিছে। কিন্তু আন কেইবাটাও প্ৰতিষ্ঠানে চিআইএছচিইৰ নামত প্ৰমাণপত্ৰ জাৰি কৰাৰ অভিযোগ উঠিছে।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, ঘটনাটোৰ তদন্ত চিআইডিয়ে চলাইছে। প্ৰমাণপত্ৰসমূহ ভুৱা বুলি প্ৰমাণিত হ'লে সংশ্লিষ্ট শিক্ষাৰ্থীসকলৰ নামভৰ্তি বাতিল কৰা হ'ব। এনে প্ৰমাণপত্ৰেৰে নামভৰ্তি কৰা অধিকাংশ শিক্ষাৰ্থী নগাঁও জিলাৰ বুলি তেওঁ জনায়।
পৰিষদে প্ৰমাণপত্ৰসমূহক ভুৱা বা জাল বুলি অভিহিত কৰি সেইবোৰ দাখিল কৰা শিক্ষাৰ্থী আৰু প্ৰমাণপত্ৰ জাৰি কৰাৰ অভিযোগ থকা প্ৰতিষ্ঠানসমূহক এই অবৈধ কাৰ্যৰ বাবে দায়ী কৰিছে। ২০২৬-২৭ শিক্ষাবৰ্ষত একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।
সংশ্লিষ্ট জিলাসমূহৰ বিদ্যালয় পৰিদৰ্শকসকলক অভিযোগ থকা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এজাহাৰ দাখিলসহ আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিবলৈও পৰিষদে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে। ২০২৫-২৬ আৰু ২০২৬-২৭ শিক্ষাবৰ্ষত এনে প্ৰমাণপত্ৰৰ ভিত্তিত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ পৰৱৰ্তী পঢ়াশুনা বন্ধ ৰাখিবলৈ সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক পৰামৰ্শ দিয়াৰ কথাও কোৱা হৈছে।