নতুন দিল্লী, ১২ নৱেম্বৰ: অসমৰ মূল্যৱান সাঁচি (Agar) ৰপ্তানি গুৱাহাটী বিমানবন্দৰৰ জৰিয়তে অধিক সুচল কৰাৰ লগতে ৰাজ্যখনৰ খনিজ সম্পদৰ অন্বেষণ আৰু আহৰণৰ সম্ভাৱনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰ সৈতে আলোচনা কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন তথা খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নতুন দিল্লীত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত অসমৰ বন বিভাগৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰে জয়ন্ত মল্লবৰুৱাই।

বিশেষকৈ অসমৰ সাঁচিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত থকা সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে সাঁচি ৰপ্তানিৰ প্ৰক্ৰিয়া অধিক সুচল কৰাৰ বিষয়টোৱে আলোচনাত বিশেষ স্থান লাভ কৰে।

ইয়াৰ উপৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি. কিষাণ ৰেড্ডীকো তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। এই বৈঠকত অসমৰ খনিজ সম্পদৰ অন্বেষণ, আহৰণ আৰু সঠিক ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বিভিন্ন দিশত আলোচনা হয়।

অসমৰ খনি খণ্ডত থকা সম্ভাৱনাসমূহৰ পূৰ্ণ সদ্ব্যৱহাৰ আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ বিষয়েও আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ, ৰপ্তানি ব্যৱস্থা উন্নত কৰা আৰু খনিজ সম্পদভিত্তিক উদ্যোগৰ বিকাশৰ জৰিয়তে অসমৰ অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰাই এই আলোচনাসমূহৰ অন্যতম লক্ষ্য।