তুৰা, ১২ নৱেম্বৰ: মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চিবাগ্ৰে গাঁৱৰ ৱাংলা আদামত বুধবাৰে ২০২৬ বৰ্ষৰ ৱাংলা উৎসৱৰ শুভাৰম্ভ হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমা উপস্থিত থাকে। তেওঁৰ পত্নী তথা বিধায়িকা মেহতাব চান্দী এ ছাংমাও অনুষ্ঠানত উপস্থিত থাকে।

তিনিদিনীয়া এই সাংস্কৃতিক উৎসৱত মেঘালয়ৰ আচিক বা গাৰো জনগোষ্ঠীৰ সমৃদ্ধ ঐতিহ্য, পৰম্পৰা আৰু স্বকীয় পৰিচয় তুলি ধৰা হ'ব।

জনগোষ্ঠীটোৰ পবিত্ৰ আচাৰ ‘চান্দাল গোৱা’ৰে উৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে ‘চিৰংডিক’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। হাৰ্ডিং থিয়'লজিকেল কলেজৰ অধ্যক্ষ ড° ইম্নানুংশি ইমছঙে শস্য চপোৱাৰ পিছৰ কৃতজ্ঞতা উৎসৱখন সফল হোৱাৰ বাবে প্ৰাৰ্থনা জনায়।

অনুষ্ঠানত মুখ্য অতিথি আৰু অন্যান্য বিশিষ্ট ব্যক্তিক স্মাৰক প্ৰদান কৰা হয়। প্ৰয়াত সুৰকাৰ মিলিকছন কে মাৰাকৰ পৰিয়ালৰ সদস্যসকলে উৎসৱৰ বিষয়গীত ‘ডিমডিম ডিমচং ডাচিচং’ পৰিৱেশন কৰে। হাণ্ড্ৰেড ড্ৰামছ ৱাংলা ফেষ্টিভেল কমিটী আৰু গাৰো হেৰিটেজ ভিলেজৰ অধ্যক্ষ ৰ'নাল্ড ৰিকমেন ছাংমাই আদৰণি ভাষণ দিয়ে।

হাণ্ড্ৰেড ড্ৰামছ ৱাংলা ফেষ্টিভেল কমিটীৰ অগ্ৰণী ব্যক্তি আৰু প্ৰাক্তন নেতাসকলকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। অসমৰ কাৰ্বি আংলং জিলাৰ এটি ৱাংলা দলে প্ৰদৰ্শনীমূলক নৃত্য পৰিৱেশন কৰে।

সভাত মুখ্যমন্ত্ৰী কনৰাড ছাংমাই ভৱিষ্যৎ প্ৰজন্মৰ বাবে থলুৱা পৰম্পৰা, সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দিনটোৰ অন্যতম আকৰ্ষণ আছিল ‘ৰিদম অৱ ৱান থাউজেণ্ড ড্ৰামছ’ শীৰ্ষক প্ৰাৰম্ভিক পৰিৱেশনা। গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত ঢোলৰ স্বকীয় ছন্দে এই পৰিৱেশনাত জনগোষ্ঠীটোৰ সাংস্কৃতিক চেতনা আৰু সামূহিক পৰিচয়ক তুলি ধৰে।

উৎসৱ উপলক্ষে তাঁতশাল আৰু হস্তশিল্প প্ৰদৰ্শনীও উদ্বোধন কৰা হয়। ইয়াত থলুৱা খাদ্য-পৰম্পৰা, কাৰুশিল্প আৰু পৰম্পৰাগত সামগ্ৰী প্ৰদৰ্শনৰ সুযোগ সৃষ্টি হৈছে। দিনটোৰ পিছভাগত মূল ‘থাউজেণ্ড ড্ৰামছ’ পৰিৱেশনাৰ আখৰা চলাৰ পিছতে কৃষিভিত্তিক উৎসৱৰ আন এক আচাৰ ‘মেছে চা’আ’ অনুষ্ঠিত হয়।