নতুন দিল্লী, ১২ নৱেম্বৰ: যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) অধ্যাপক আংগোমচা বিমল আকোইজামক দলৰ নিৰ্বাচনী সমিতিত গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। আগন্তুক মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে কংগ্ৰেছে তেওঁক কেইবাখনো সমিতিত অন্তৰ্ভুক্ত কৰাৰ পিছতে বিজেপিয়ে দলটোক সমালোচনা কৰিছে।

জানিব পৰা মতে, JNUৰ ১১গৰাকী ছাত্ৰীয়ে সাংসদগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ ওচৰত এখন এজাহাৰো দাখিল কৰা হৈছে আৰু বিষয়টো বৰ্তমান তদন্তাধীন।

কংগ্ৰেছে মণিপুৰৰ বাবে গঠন কৰা নিৰ্বাচনী আৰু প্ৰচাৰ সমিতিত আকোইজামক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰি নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ সহ-সভাপতি হিচাপেও তেওঁক দায়িত্ব দিয়া হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙক ৰাজ্যিক নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

এই নিযুক্তিক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কংগ্ৰেছক সমালোচনা কৰে। মহিলাৰ সুৰক্ষা আৰু মৰ্যাদাৰ কথা কোৱা কংগ্ৰেছে যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা এজন সাংসদক নিৰ্বাচনী দায়িত্ব দিয়াটো দ্বৈত স্থিতিৰ পৰিচায়ক বুলি তেওঁ অভিযোগ কৰে।

বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়েও সামাজিক মাধ্যমত বিষয়টোক লৈ কংগ্ৰেছক প্ৰশ্ন কৰে। তেওঁৰ মতে, JNUৰ ১১গৰাকী ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰাৰ পিছতো আকোইজামক নিৰ্বাচনী সমিতিত গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাটো মহিলাৰ মৰ্যাদাৰ প্ৰতি কংগ্ৰেছৰ স্থিতিৰ সৈতে খাপ নাখায়।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙেও এই নিযুক্তিক লৈ কংগ্ৰেছৰ সমালোচনা কৰে।

আনহাতে, কংগ্ৰেছ নেতা উদিত ৰাজে বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কয় যে অভিযোগ এতিয়াও অভিযোগৰ পৰ্যায়তে আছে আৰু আকোইজামক দিয়া দায়িত্বসমূহ দলীয় সাংগঠনিক পদ, চৰকাৰী পদ নহয়। সমালোচনা কৰাৰ পূৰ্বে বিজেপিয়ে নিজৰ দলৰ নেতাসকলৰ বিৰুদ্ধে থকা অভিযোগসমূহৰ কথাও বিবেচনা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।

ইফালে, আকোইজামে আগতীয়া জামিন বিচাৰি আদালতৰ কাষ চাপিছিল। আৰক্ষীয়ে তাৎক্ষণিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কথা বিবেচনা কৰা নাই বুলি আদালতক জনোৱাৰ পিছত বিষয়টোৰ নিষ্পত্তি হয়। পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰৰ প্ৰয়োজনীয়তা সৃষ্টি হ’লে তেওঁক সাত দিনৰ আগতীয়া জাননী দিয়া হ’ব বুলি আৰক্ষীয়ে আদালতক জনাইছিল।

উল্লেখ্য যে অহা বছৰ মণিপুৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে সাংসদগৰাকীক দিয়া দলীয় দায়িত্বক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে।