কোকৰাঝাৰ, ১২ নৱেম্বৰ, ২০২৬:

মেধাৱী শিক্ষাৰ্থীক উৎসাহিত কৰাৰ লক্ষ্যৰে বীৰ শ্বহীদ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰিলে বিটিচি চৰকাৰে। ২০২৬ বৰ্ষৰ HSLC আৰু HSSLC পৰীক্ষাত অসাধাৰণ ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক এই সাহায্য প্ৰদান কৰা হয়।

কোকৰাঝাৰৰ চান্দামাৰীৰ কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত অনুষ্ঠানত HSLC পৰীক্ষাৰ শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী, HSSLCৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰতিটোৰে শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী আৰু HSLCত বড়ো, অসমীয়া তথা নেপালী বিষয়ত ১০০ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক সামৰি লোৱা হয়।

আঁচনিখনৰ অধীনত HSLCৰ শিক্ষাৰ্থীসকলক ৩ লাখ টকাকৈ আৰু HSSLCৰ শিক্ষাৰ্থীসকলক ৫ লাখ টকাকৈ চেক প্ৰদান কৰা হয়।এই আঁচনিৰ অধীনত HSLC পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰা শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী, HSSLC পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰতিটোৰে শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী আৰু HSLC পৰীক্ষাত বড়ো, অসমীয়া আৰু নেপালী বিষয়ত ১০০ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক সামৰি লোৱা হৈছে। HSLC ৰ ছাত্ৰ-ছাত্ৰীক তিনি লাখ আৰু HS ৰ ছাত্ৰ-ছাত্ৰীক পাচঁ লাখকৈ টকাৰ চেক প্ৰদান কৰে। মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে তেওঁলোকৰ শৈক্ষিক যাত্ৰাক অধিক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতে অধিক কৃতিত্ব অৰ্জনৰ বাবে অনুপ্ৰেৰণা যোগোৱাই এই পদক্ষেপৰ মূল লক্ষ্য।

এইবাৰ কেৱল চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে। পৰৱৰ্তী সময়ত বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা থকা বুলি জানিবলৈ দিয়া হৈছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। লগতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, কৰ্মেশ্বৰ ৰায়, দেৰহাসাৎ বসুমতাৰী, প্ৰকাশ বসুমতাৰীৰ লগতে কেইবাগৰাকীও এমচিএলএ উপস্থিত থাকে।

এই কাৰ্যসূচীয়ে বিটিচি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।