নতুন দিল্লী, ১২ নৱেম্বৰ: পুৱাৰ খোজ কাঢ়িবলৈ গৈ হঠাৎ সংজ্ঞাহীন হৈ পৰা ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক বুধবাৰে নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে।

৭৫ বছৰীয়া ধনখড়ক চিকিৎসালয়খনৰ কাৰ্ডিঅ’-নিউৰ’ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁ কাৰ্ডিঅ’লজী বিভাগৰ চিকিৎসকৰ তত্ত্বাৱধানত আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা আৰু প্ৰয়োজনীয় চিকিৎসাৰ মূল্যায়ন চলি আছে।

পুৱাৰ খোজ কাঢ়ি থকাৰ সময়তে ধনখড় হঠাৎ ঢলি পৰি কেইমিনিটমানৰ বাবে সংজ্ঞাহীন হৈ আছিল। তেওঁৰ লগত থকা নিৰাপত্তাৰক্ষীসকলে প্ৰথমে আৰক্ষীৰ বাহনেৰে তেওঁক বাসগৃহলৈ লৈ যায়।

পৰৱৰ্তী সময়ত আইএলবিএছৰ চিকিৎসকৰ এটা দলে আৰু এআইআইএমএছৰ চিকিৎসক সন্দীপ ছেঠে তেওঁক চিকিৎসা প্ৰদান কৰে। স্বাস্থ্যৰ অৱস্থাক লৈ উদ্বেগ সৃষ্টি হোৱাত পাছত এম্বুলেঞ্চেৰে তেওঁক এআইআইএমএছলৈ লৈ যোৱা হয়।

চিকিৎসালয় কৰ্তৃপক্ষই এতিয়ালৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

জগদীপ ধনখড়ে ২০২২ চনৰ আগষ্টৰ পৰা ২০২৫ চনৰ ২১ জুলাইলৈ ভাৰতৰ ১৪সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বাস্থ্যজনিত কাৰণ আৰু চিকিৎসকৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰি তেওঁ ২০২৫ চনৰ জুলাই মাহত পদত্যাগ কৰিছিল।

ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো সংজ্ঞাহীন হৈ পৰিছিল। ২০২৫ চনৰ মাৰ্চ মাহত বুকুৰ বিষৰ বাবে তেওঁ এআইআইএমএছৰ সংকটকালীন চিকিৎসা বিভাগত ভৰ্তি হৈছিল আৰু তেওঁৰ এঞ্জিঅ’প্লাষ্টী কৰা হৈছিল। একেদৰে ২০২৫ চনৰ জুন মাহত নৈনিতালত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়তো তেওঁ সংজ্ঞাহীন হৈ পৰিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহতো বাসগৃহত দুবাৰকৈ সংজ্ঞাহীন হোৱাৰ ঘটনা সংঘটিত হৈছিল।