অমৃতসৰ, ১৩ নৱেম্বৰ: আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী খডুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে অমৃতসৰৰ এখন আদালতে।

১৪ নৱেম্বৰত আইতাকৰ শেষকৃত্যত অংশ ল’ব পাৰিব অমৃতপাল সিঙে। ৮৪ বছৰীয়া চৰণ কৌৰৰ যোৱা ৮ নৱেম্বৰত দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত মৃত্যু হৈছিল।

অমৃতপাল সিঙৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰাৰ ইচ্ছা প্ৰকাশ কৰি পৰিয়ালে আদালতৰ পৰা সাময়িক সকাহ বিচাৰিছিল। শুকুৰবাৰে অমৃতসৰ জিলা আৰু সত্ৰ ন্যায়ালয়ে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।

অমৃতপাল সিঙৰ খুৰাক হৰজিত সিঙক তিনি দিন আৰু আন এগৰাকী আত্মীয় সুখমন সিঙক দুদিনৰ বাবে সাময়িক জামিন প্ৰদান কৰা হৈছে।

অমৃতপাল সিঙৰ অধিবক্তাই ১৪ৰ পৰা ১৭ নৱেম্বৰলৈ চাৰি দিনৰ সাময়িক জামিন বিচাৰিছিল। পৰিয়ালৰ ধৰ্মীয় অনুষ্ঠানসমূহত অংশগ্ৰহণৰ বাবে এই আবেদন জনোৱা হৈছিল যদিও আদালতে তেওঁক মাত্ৰ এদিনৰ বাবেহে জামিন প্ৰদান কৰে।

অধিবক্তাৰ মতে, আদালতৰ লিখিত নিৰ্দেশ লাভ কৰাৰ পাছত জামিনৰ সময়সীমা সলনি কৰাৰ বাবে পুনৰ আবেদন জনোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ নিৰাপত্তাজনিত ব্যৱস্থাসহ যাত্ৰাৰ বাবে অতি কম সময় উপলব্ধ হোৱাৰ কথা উল্লেখ কৰে অধিবক্তাই।

‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ মুৰব্বী তথা খডুৰ চাহিবৰ সাংসদ অমৃতপাল সিং ২০২৩ চনৰ এপ্ৰিলৰ পৰা কাৰাগাৰত বন্দী হৈ আছে। অজনালা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান তেওঁ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।