গুৱাহাটী, ১৩ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বিশ্ববিদ্যালয়খনৰ প্ৰস্তাৱিত শিক্ষাৰ্থীৰ আসনসংখ্যা ২ হাজাৰৰ পৰা ৪ হাজাৰলৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে তেওঁ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ কাম সম্পূৰ্ণ হৈছে। অতিৰিক্ত ২ হাজাৰ শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি সংযোজন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

পৰ্যালোচনাৰ সময়ত শৈক্ষিক ভৱন, ছাত্ৰ আৰু ছাত্ৰীৰ ছাত্ৰাবাস তথা আৱাসিক সুবিধাৰ নিৰ্মাণ ত্বৰান্বিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ ১৫ৰ পৰা চাৰিলেনযুক্ত পথ-সংযোগ আৰু এটা ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণৰ ব্যৱস্থাও কৰিবলৈ কয়।

বিশ্ববিদ্যালয়খনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ লগতে ইয়াক সেউজ আৰু বহনক্ষম চৌহদ হিচাপে গঢ়ি তোলাৰ এক সামগ্ৰিক পৰিকল্পনা তৈয়াৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

গহপুৰ অঞ্চলত পথ, ৰেলপথ, উৰণসেতু আৰু মথাউৰি আদি আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা সম্প্ৰসাৰণ কৰা হৈছে বুলি তেওঁ কয়। মথাউৰি প্ৰকল্পখন ‘বিকশিত অসম’ পেকেজত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে বুলিও জনায়।

মা কল্যাণী দেৱালয়ৰ আশে-পাশে চলি থকা উন্নয়নমূলক কামো মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। দেৱালয়খনৰ ওচৰৰ পুখুৰীটোৰ উত্তৰ অংশত সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে আৰু দক্ষিণ অংশৰ উন্নয়নৰ ব্যৱস্থাও কৰা হ'ব। অঞ্চলটোত এটা অতিথিশালাও নিৰ্মাণ হৈ আছে।

প্ৰস্তাৱিত গহপুৰ-নুমলীগড় জলতল সুৰংগ প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়া ২২ নৱেম্বৰত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। কাৰিকৰীভাৱে জটিল এই প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ যথেষ্ট সময় লাগিব বুলিও তেওঁ কয়।