ভাৰত আৰু আমেৰিকাৰ প্ৰস্তাৱিত অন্তৱৰ্তী বাণিজ্যচুক্তিৰ আলোচনাত যথেষ্ট অগ্ৰগতি হৈছে। আমেৰিকাই চূড়ান্ত শুল্ক-গাঁথনি নিৰ্ধাৰণৰ সময়ত প্ৰতিযোগী দেশসমূহৰ তুলনাত ভাৰতক অধিক সুবিধা দিয়াৰ আশ্বাস দিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এজন শীৰ্ষ বিষয়াই জনাইছে।
দুয়োখন দেশে চলিত আৰ্থিক বৰ্ষ শেষ হোৱাৰ আগতেই চুক্তিখন চূড়ান্ত কৰাৰ লক্ষ্যৰে কাম কৰি আছে। বাণিজ্যসচিব ৰাজেশ আগৰৱালে জনোৱা মতে, চলিত মাহৰ আৰম্ভণিতে আমেৰিকাৰ দুজনীয়া এটা প্ৰতিনিধি দল ভাৰতলৈ আহিছিল। সেই ভ্ৰমণত চুক্তিৰ খচৰা চূড়ান্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হৈছে।
ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যৌথ বিবৃতিত পাৰস্পৰিক স্বাৰ্থ-সংশ্লিষ্ট খণ্ডসমূহত দুয়োদেশে অগ্ৰাধিকাৰৰ ভিত্তিত বজাৰত প্ৰৱেশৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰা হৈছিল। ভাৰতীয় বিষয়াসকলে ইয়াৰ পূৰ্বে কৈছিল যে, প্ৰতিযোগী দেশসমূহৰ তুলনাত অধিক সুবিধাৰ আশ্বাস পালেহে ভাৰত এই চুক্তিৰ আলোচনা আগবঢ়াব।
“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা চলি আছে। আমেৰিকাই আমাক আশ্বাস দিছে যে, প্ৰতিযোগী দেশসমূহৰ তুলনাত আমি অধিক সুবিধা পাম।”
ফেব্ৰুৱাৰীৰ যৌথ বিবৃতিৰ পাছত আমেৰিকাই ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, পাকিস্তান আৰু শ্ৰীলংকাৰ ওপৰত অতিৰিক্ত ১০ শতাংশ ‘ফৰ্চড লেবাৰ’ শুল্ক আৰোপ কৰিছে। ভাৰতকে ধৰি কেইবাখনো দেশৰ অতিৰিক্ত উৎপাদন-সামৰ্থ্যক লৈও আমেৰিকাই অনুসন্ধান চলাই আছে। সম্ভাৱ্য ভৱিষ্যৎ শুল্কৰ বিষয়টো মনত ৰাখিয়েই ভাৰতক বিশেষ সুবিধা দিয়াৰ আশ্বাস দিয়া হৈছে বুলি বিষয়াজনে কয়।
আলোচনাত এনে এটা চৰ্তত সহমত হৈছে যে, এখন দেশে আনখন দেশৰ ওপৰত শুল্কৰ হাৰ সলনি কৰিলে দ্বিতীয় দেশখনে চুক্তিৰ অধীনত নিজৰ প্ৰতিশ্ৰুতিসমূহ সলনি কৰিব পাৰিব। ফেব্ৰুৱাৰীৰ যৌথ বিবৃতিতো এই বিষয়টো অন্তৰ্ভুক্ত আছিল। ভাৰতৰ আন বাণিজ্যচুক্তিত সাধাৰণতে এনে চৰ্ত নাথাকে যদিও আমেৰিকাৰ সৈতে চুক্তিখনত ইয়াক বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছে।
বাণিজ্যসচিব আগৰৱালে কয়, দুয়োদেশৰ আলোচনা সঠিক পথতেই আগবাঢ়িছে আৰু সশৰীৰে তথা ভাৰ্চুৱেল মাধ্যমেৰে নিয়মিত আলোচনা চলি আছে। নৱেম্বৰৰ প্ৰথম সপ্তাহত শুল্ক আৰু বাণিজ্যিক সুবিধা সম্পৰ্কীয় আলোচনাৰ বাবে আমেৰিকাৰ এটা সৰু দল ভাৰতলৈ আহিছিল। আলোচনাত বহু অমীমাংসিত বিষয়ৰ নিষ্পত্তি হোৱাৰ লগতে একাধিক ক্ষেত্ৰত দুয়োপক্ষৰ মাজত ঐকমত্য হৈছে। বাকী থকা ভাষাগত আৰু সামান্য জটিলতা দূৰ কৰিবলৈ দুয়োদেশৰ মুখ্য আলোচকসকলে ভাৰ্চুৱেল মাধ্যমেৰে নিয়মিত কথা পাতি আছে।