ৰাৱালপিণ্ডি: পাকিস্তানৰ ৰাৱালপিণ্ডিত নিজ বাসভৱনত গুলীবিদ্ধ হৈ মৃত্যু হৈছে ৪১ বছৰীয়া টেলিভিছন সংবাদ পাঠিকা তথা অনুষ্ঠান সঞ্চালিকা ৰাবিয়া আহছানৰ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ স্বামী আহছান তাহিৰ খানক আৰক্ষীয়ে জিম্মাত লৈছে।
ৰাৱালপিণ্ডিৰ আদিয়ালা ৰোডৰ গুলছনাবাদ অঞ্চলত থকা বাসভৱনত সংঘটিত হয় এই ঘটনা। ঘটনাৰ সময়ত ঘৰত ৰাবিয়াৰ মাতৃ, ভগ্নী, স্বামী আৰু দুগৰাকী কন্যা উপস্থিত আছিল বুলি জানিব পৰা গৈছে।
সন্ধিয়াৰ বুলেটিন পঢ়ি নিশা প্ৰায় ৮ বজাত ঘৰলৈ উভতি অহাৰ পাছতে সংঘটিত হয় এই ঘটনা। গুলীৰ শব্দ শুনি তেওঁৰ মাতৃ আৰু ভগ্নী শোৱনি কোঠালৈ দৌৰি যায়। তাত ৰক্তাক্ত অৱস্থাত ৰাবিয়াক পৰি থকা দেখা পায়।
আৰক্ষীৰ মতে, প্ৰাথমিক জেৰাত আহছান তাহিৰ খানে পিষ্টলটো নাড়াচাড়া কৰি থকা অৱস্থাত হঠাতে গুলী ওলাই যোৱা বুলি দাবী কৰিছে। পিষ্টলটোত গুলী ভৰাই থোৱা আছিল বুলি তেওঁ অৱগত নাছিল আৰু ঘটনাটো দুৰ্ঘটনাজনিত বুলি উল্লেখ কৰিছে। ঘৰৰ এজন পৰিচাৰকেও আৰক্ষীক একেধৰণৰ বক্তব্য দিয়া বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল উদ্ধাৰ কৰিছে। পঞ্জাব ফৰেনছিক বিজ্ঞান সংস্থাৰ দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে। নিহত ৰাবিয়াৰ ভাতৃৰ অভিযোগৰ ভিত্তিত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে, ৰাবিয়া আহছান পাকিস্তানৰ এগৰাকী জনপ্ৰিয় টেলিভিছন সংবাদ পাঠিকা আৰু অনুষ্ঠান সঞ্চালিকা হিচাপে পৰিচিত আছিল।