নতুন দিল্লী, ১১ নৱেম্বৰ: ভাৰত–ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হোৱাৰ কেইমাহমানৰ ভিতৰতে স্কচ হুইস্কিৰ আমদানি শুল্কক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ব্ৰিটেইনৰ পৰা বৃহৎ পাত্ৰত আমদানি কৰা স্কচ হুইস্কিৰ ৮০টাতকৈও অধিক কণ্টেইনাৰ ভাৰতীয় বন্দৰসমূহত আবদ্ধ হৈ আছে।
বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে বৃহৎ পাত্ৰত আমদানি কৰা স্কচ হুইস্কিৰ ওপৰত কিমান শুল্ক আৰোপ কৰা হ'ব। চুক্তিখনৰ অধীনত স্কচ হুইস্কিৰ আমদানি শুল্ক ১৫০ শতাংশৰ পৰা ৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছিল। কিন্তু বৃহৎ পাত্ৰত অহা স্কচৰ ক্ষেত্ৰত এই শুল্ক-ৰেহাই প্ৰযোজ্য হ'ব নে নহয়, তাক লৈ মতভেদৰ সৃষ্টি হৈছে।
ৰাজহ গোয়েন্দা সঞ্চালকালয়ে বৃহৎ পাত্ৰত আমদানি কৰা স্কচ হুইস্কিক সাধাৰণ হুইস্কিৰ পৰিৱৰ্তে ‘যৌগিক মদ্যজাত প্ৰস্তুতি’ হিচাপে গণ্য কৰাৰ যুক্তি আগবঢ়াইছে। সেই অনুসৰি এনে সামগ্ৰীৰ ক্ষেত্ৰত ১৫০ শতাংশ শুল্ক অব্যাহত ৰখাৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে, বাণিজ্য মন্ত্ৰালয়ে উদ্যোগৰ প্ৰতিনিধিসকলক বৃহৎ পাত্ৰত আমদানি কৰা স্কচৰ ক্ষেত্ৰতো চুক্তিখনৰ অধীনত শুল্ক-ৰেহাই বাহাল থাকিব বুলি আশ্বাস দিছিল। ২ নৱেম্বৰত বাণিজ্য সচিব ৰাজেশ আগৰৱালৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত এই আশ্বাস দিয়া হৈছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ ফলত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয় আৰু বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহ গোয়েন্দা সঞ্চালকালয়ৰ স্থিতিৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, বিষয়টোৰ সমাধানৰ বাবে দুয়োটা মন্ত্ৰালয়ে আলোচনা চলাই আছে।
বন্দৰত আবদ্ধ কণ্টেইনাৰসমূহৰ ভিতৰত পাৰ্ন'ড ৰিকাৰ্ড আৰু ডিয়াজিঅ'ৰ ৪০টাতকৈও অধিক কণ্টেইনাৰ আছে। বাকাৰ্ডিৰ আছে পাঁচটা কণ্টেইনাৰ। ১৫০ শতাংশ শুল্ক দি সামগ্ৰী মুকলি কৰাত কোম্পানীসমূহে সন্মতি নিদিয়াত এই অচলাৱস্থাৰ সৃষ্টি হৈছে।
ভাৰতলৈ ব্ৰিটেইনৰ পৰা আমদানি হোৱা স্কচ হুইস্কিৰ প্ৰায় ৮০ শতাংশই বৃহৎ পাত্ৰত আহে। ভাৰতত এই হুইস্কি মিশ্ৰণ, প্ৰস্তুতকৰণ আৰু বটলত ভৰোৱাৰ কামত ব্যৱহাৰ কৰা হয়।
ব্ৰিটেইন সংসদৰ এখন প্ৰতিবেদনত চুক্তিখনৰ অধীনত বটলত ভৰোৱা আৰু বৃহৎ পাত্ৰত ৰপ্তানি কৰা—দুয়ো ধৰণৰ স্কচ হুইস্কিৰ ক্ষেত্ৰতে শুল্ক হ্ৰাসৰ সুবিধা প্ৰযোজ্য হোৱাৰ কথা উল্লেখ আছে। ২০২৪ চনত ভাৰতলৈ ব্ৰিটেইনৰ স্কচ হুইস্কি ৰপ্তানিৰ মূল্য প্ৰায় ৩৩৫ মিলিয়ন ডলাৰ আছিল।