নতুন দিল্লী, ১২ নৱেম্বৰ: পাকিস্তানস্থিত গেংষ্টাৰ শ্বাহজাদ ভাট্টী আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত লোকসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় যুৱকসকলক উগ্ৰপন্থী কাৰ্যকলাপৰ দিশে পৰিচালিত কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই নতুনকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ উদ্দেশ্যে যুৱকসকলক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদবিৰোধী শাখাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিতে এনআইএৰ তদন্ত আৰম্ভ হৈছে। সেই এজাহাৰত মুঠ আঠজন লোকৰ নাম উল্লেখ আছিল।
তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, শ্বাহজাদ ভাট্টী, আবিদ জাট আৰু পাকিস্তানৰ কেইবাজনো উগ্ৰপন্থী ইউটিউবাৰে আইএছআইৰ নিৰ্দেশত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় যুৱকসকলক লক্ষ্য কৰি লৈছিল। ধনৰ প্ৰলোভন আৰু বিভিন্ন প্ৰতিশ্ৰুতি দি তেওঁলোকক দেশৰ আভ্যন্তৰীণ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কাৰ্যকলাপত জড়িত কৰাৰ চেষ্টা চলোৱা হৈছিল।
উত্তৰ প্ৰদেশৰ এজাহাৰত মহম্মদ হামাদ বাৰকতি, আবিদ জাট, মেজৰ হামিদ, মেজৰ ইকবাল আৰু মেজৰ আনোৱাৰৰ নামো আছে। তেওঁলোকৰ কেইবাজনো পাকিস্তানস্থিত আইএছআইৰ সৈতে জড়িত বুলি তদন্তকাৰী সংস্থাই জনাইছে। উত্তৰ প্ৰদেশৰ তুষাৰ চৌহান ওৰফে হিজবুল্লাহ আলী খান আৰু দিল্লীৰ সমীৰ নামৰ দুজন লোককো অভিযুক্ত কৰা হৈছে। দুয়োকে এপ্ৰিল মাহত উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদবিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছিল।
তদন্তকাৰীসকলৰ মতে, ছ’চিয়েল মিডিয়াৰ জৰিয়তে গঢ়ি তোলা পাকিস্তানৰ শ্লিপাৰ চেলৰ উপস্থিতি সন্দৰ্ভত অনুসন্ধান চলাওঁতে এই দুজন লোকৰ সৈতে পাকিস্তানৰ অপাৰেটিভসকলৰ প্ৰত্যক্ষ যোগাযোগৰ তথ্য পোহৰলৈ আহিছিল। দেশত বৃহৎ পৰিসৰৰ অস্থিৰতা সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ পৰিকল্পনা কৰাৰ অভিযোগো উত্থাপন হৈছে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত পাকিস্তানস্থিত ‘শ্বাহজাদ ভাট্টী নেটৱৰ্ক’ক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। এতিয়া এনআইএয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱকসকলক কেনেদৰে লক্ষ্য কৰা হৈছিল, পাকিস্তানস্থিত অপাৰেটিভসকলৰ সৈতে কেনেদৰে যোগাযোগ স্থাপন হৈছিল আৰু এই নেটৱৰ্কৰ জৰিয়তে দেশত সম্ভাৱ্য আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল নেকি, সেই দিশসমূহ পৰীক্ষা কৰিব।