১৪ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত চিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP)ক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত বহাৰ পূৰ্বে চাৰিটা চৰ্ত বান্ধি দিছে আদিবাসী সংগঠন আদি বা কেবাং ইউনাইটেডে (ABKU)। আন্দোলনৰ সময়ত আটকাধীন সকলো লোকক মুক্তি, প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ, চিয়াং উপত্যকাৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী প্ৰত্যাহাৰ আৰু চৰকাৰী চাকৰিৰ পৰা আঁতৰোৱা গাঁওবুঢ়াসকলক পুনৰ নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

শুকুৰবাৰে ABKUৰ সভাপতি ডি জি তামুক আৰু সাধাৰণ সম্পাদক জিৰবো জামোহে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। SUMP সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ১০ নৱেম্বৰত জনোৱা আমন্ত্ৰণৰ প্ৰত্যুত্তৰ হিচাপে এই স্মাৰক-পত্ৰ দাখিল কৰা হয়।

সংগঠনটোৱে চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ ইচ্ছা প্ৰকাশ কৰিলেও প্ৰথমে ৪৮ ঘণ্টাৰ ভিতৰত দাবীসমূহ পূৰণ কৰাৰ চৰ্ত দিছে। আলোচনাৰ স্থান হিচাপে পাছিঘাট নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱো আগবঢ়াইছে।

সংগঠনটোৰ সভাপতি ডি জি তামুকে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে দাবীসমূহ পূৰণ নকৰালৈকে আলোচনাৰ প্ৰশ্নই নুঠে। বিশেষকৈ আন্দোলনৰ সৈতে জড়িত আটকাধীন সকলো লোক, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ দাবী জনায় তেওঁ। লগতে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰ প্ৰত্যাহাৰ, চিয়াং উপত্যকাৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আঁতৰোৱা আৰু নিলম্বিত গাঁওবুঢ়াসকলক পুনৰ নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে।

দাবীসমূহ পূৰণ নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰাৰো সকীয়নি দিয়ে সংগঠনটোৱে। তেওঁলোকৰ প্ৰতিবাদী শ্লোগান হৈছে—‘বান্ধ নালাগে, গোচৰো নালাগে’।

১১,২০০ মেগাৱাটৰ প্ৰকল্পক লৈ উদ্বেগ

প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন চিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্টক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সংগঠনটোৱে। ABKUৰ দাবী অনুসৰি, এই প্ৰকল্পই চিয়াং উপত্যকাৰ থলুৱা জনগোষ্ঠীৰ অস্তিত্ব, পৰম্পৰাগত ভূমি, বাসগৃহ আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে।

ডি জি তামুকৰ মতে, প্ৰকল্পটোৰ ফলত প্ৰায় ২৭খন গাঁও আৰু প্ৰায় ১.৫ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে। পূৰ্বপুৰুষৰ ভূমি, কৃষিভূমি আৰু পৰম্পৰাগত ঐতিহ্য এৰি যাবলগীয়া হ’লে তেওঁলোকক ক’ত পুনৰ সংস্থাপন কৰা হ’ব, সেই প্ৰশ্নও উত্থাপন কৰে সংগঠনটোৱে।

তেওঁৰ মতে, চিয়াং উপত্যকাৰ অধিকাংশ লোকৰ জীৱিকাৰ প্ৰধান উৎস কৃষি আৰু উদ্যানশস্য। ফলমূল উৎপাদনৰ ক্ষেত্ৰতো অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে প্ৰকল্পটোৱে কেৱল জনবসতিতে নহয়, অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাতো প্ৰভাৱ পেলাব পাৰে।

ইফালে, প্ৰস্তাৱিত বান্ধৰ প্ৰভাৱ চিয়াং উপত্যকাতে সীমাবদ্ধ নাথাকিব, অসমৰ নামনি অঞ্চল আৰু আন অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি দাবী কৰি অসমৰ বিভিন্ন সংগঠন আৰু ৰাইজক আন্দোলনটোক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে ABKUয়ে।

ভূমি, পৰম্পৰা, বাসগৃহ আৰু ভৱিষ্যৎ সুৰক্ষাৰ দাবীৰে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে সংগঠনটোৱে।