নতুন দিল্লী, ১৪ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত আসন ভাগ-বতৰাক লৈ নতুন চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছে ৰাজ্যখনৰ ৪০৩খন বিধানসভা আসনৰ ভিতৰত ১৮১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলি জনাইছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে।
শনিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অখিলেশ যাদৱে এই কথা কয়। কংগ্ৰেছে ১০০খন আসন বিচাৰিছে নেকি বুলি সোধাত তেওঁ কয় যে দলটোৱে বিচৰা আসনৰ সংখ্যা তাতকৈ অধিক।
কংগ্ৰেছে ২০০খন আসন বিচাৰিছে নেকি বুলি পুনৰ সোধাত অখিলেশে তাতকৈ অলপ কম বুলি উত্তৰ দিয়ে। ১৮০খন আসন বিচাৰিছে নেকি বুলি সোধাত তেওঁ এইদৰে কয়—
“১৮০ৰ লগত এখন যোগ কৰক।”
অৰ্থাৎ, কংগ্ৰেছে ১৮১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলি ইংগিত দিয়ে সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে। অৱশ্যে কংগ্ৰেছৰ সৈতে সমাজবাদী পাৰ্টীৰ সম্পৰ্ক যথেষ্ট ভাল বুলি মন্তব্য কৰে অখিলেশে।
উত্তৰ প্ৰদেশত ২০২৭ চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত বৰ্তমান বিজেপিৰ নেতৃত্বত যোগী আদিত্যনাথৰ চৰকাৰ ক্ষমতাত আছে। সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছ দুয়োটা দলেই ‘ইণ্ডিয়া’ বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰ। কংগ্ৰেছৰ তৰফৰ পৰা ১৮১খন আসন বিচৰাৰ বিষয়ত কোনো আনুষ্ঠানিক নিশ্চিতি প্ৰকাশ পোৱা নাই।