১৫ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থখন এতিয়ালৈকে ক্ৰয় কৰা নাই বা পঢ়া নাই বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ হাতত বৰ্তমান কিতাপখন কিনিবলৈ ১,২০০ টকা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,

যিদিনা মোৰ হাতত ১,২০০ টকা হ'ব, সেইদিনা কিতাপখন কিনি পঢ়িম।

কোনোবাই গ্ৰন্থখন উপহাৰ দিলেও তেওঁ পঢ়িব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে জনায় যে, কিতাপখন তেওঁ এতিয়ালৈকে দেখা নাই। গ্ৰন্থখনত অসমৰ বিষয়ে কিবা উল্লেখ আছে নেকি, সেই বিষয়েও তেওঁ সোধা-পোছা কৰিছিল বুলি জানিবলৈ দিয়ে।

ছোনিয়া গান্ধীৰ নতুন গ্ৰন্থক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।