ডিমৰীয়া, ১৪ নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদৰ ডিমৰীয়াৰ ৬টা সমষ্টি কৰ্তনৰ প্ৰস্তাৱৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰখাৰ লগতে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে বৃহত্তৰ ডিমৰীয়াৰ ১৮টা জাতি-জনগোষ্ঠীয় সংগঠনে।

ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ আহ্বানত শনিবাৰে অনুষ্ঠিত নাগৰিক সভাত সংগঠনকেইটাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাত ডিমৰীয়াৰ পূৰ্বৰ ৬টা সমষ্টি অক্ষুণ্ণ ৰাখি তিৱা স্বায়ত্ব পৰিষদৰ আগন্তুক নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনোৱা হয়।

সংগঠনসমূহে অভিযোগ কৰে যে উন্নয়নৰ নামত ডিমৰীয়াৰ জনজাতীয় বেল্ট আৰু ব্লকক গুৱাহাটী মহানগৰৰ সৈতে চামিল কৰাৰ প্ৰচেষ্টাই অঞ্চলটোৰ ভূমি, বনাঞ্চল আৰু স্থানীয় ৰাইজৰ অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। চন্দ্ৰপুৰ, পানীখাইটি আৰু বৃহত্তৰ ডিমৰীয়াৰ বিভিন্ন অঞ্চলৰ ৰাইজে এই প্ৰস্তাৱৰ বিৰোধিতা কৰা বুলিও সভাত উল্লেখ কৰা হয়।

সংগঠনসমূহৰ দাবী, ২০০৫ চনৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সম্পৰ্কীয় সংশোধনী আইনৰ বিধান অনুসৰি ডিমৰীয়াৰ পূৰ্বৰ ৬টা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে। ২০১৫ চনত ছটা সংগঠনে এই বিষয়ত আদালতৰ কাষ চাপিছিল বুলিও সভাত উল্লেখ কৰা হয়। সংশ্লিষ্ট অঞ্চলসমূহ জনজাতি অধ্যুষিত আৰু ইয়াত গাঁওসমূহৰ গোট বা ক্লাষ্টাৰ আছে বুলিও সংগঠনসমূহে দাবী কৰে।

সভাত উল্লেখ কৰা হয় যে ডিমৰীয়াৰ বিভিন্ন গাঁৱত বড়ো, কছাৰী, তিৱা আৰু ৰাভা জনগোষ্ঠীৰ লোকৰ বসতি আছে। ৪৩খন গাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ ১০ হাজাৰৰ পৰা ১৫ হাজাৰৰো অধিক লোক বসবাস কৰে বুলিও সংগঠনসমূহৰ প্ৰতিনিধিয়ে দাবী কৰে।

আগন্তুক ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ডিমৰীয়াৰ কোনো এটা সমষ্টিও কৰ্তন নকৰাকৈ পূৰ্বৰ ছটা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে সংগঠনসমূহে। চৰকাৰে দাবীসমূহ মানি নল’লে আইনী ব্যৱস্থা গ্ৰহণৰ লগতে অনশন, বিক্ষোভ প্ৰদৰ্শন আৰু পথ অৱৰোধকে ধৰি ধাৰাবাহিক শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে।