জাগীৰোড, ৩ নৱেম্বৰ: জাগীৰোডৰ হাতীউঠা বৰনলনী পথাৰ শংকৰী কলা-কৃষ্টি কেন্দ্ৰৰ বৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু মহা পালনাম-কীৰ্তন অনুষ্ঠিত হয়।

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অনুষ্ঠানটোৰ প্ৰথম দিনা ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱাৰ লগতে নামযজ্ঞ অনুষ্ঠিত হয়।

দ্বিতীয় দিনা ধৰ্মধ্বজা উত্তোলন, ভাগৱত পাঠ, নাম-প্ৰসংগ আৰু একশৰণ মহাপুৰুষীয়া সমাজৰ ‘ইতিবৃত্তি’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয়।

অন্তিম দিনা পুৱা মহা পালনামৰ সামৰণি আৰু ভাগৱত শোভাযাত্ৰাৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।

অনুষ্ঠানটোত পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। ভক্তসকলৰ হৰিনামৰ ধ্বনিৰে সমগ্ৰ হাতীউঠা অঞ্চল মুখৰিত হৈ পৰে।