আগ্ৰা, ১৫ নৱেম্বৰ:

‘১০ বছৰত ডাবল ইঞ্জিন চৰকাৰৰ দিনত দুগুণ দুৰ্নীতি আৰু লুণ্ঠন চলাইছে চৰকাৰে’ । বিগত ১০ বছৰত ‘ডাবল ইঞ্জিন’ চৰকাৰৰ শাসনকালত দুগুণ দুৰ্নীতি আৰু লুণ্ঠন চলিছে বুলি অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। দেওবাৰে আগ্ৰাত অনুষ্ঠিত পিডিএ দলিত সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

‘ডাবল ইঞ্জিন’ চৰকাৰৰ ১০ বছৰীয়া শাসনকালত দুগুণ দুৰ্নীতি আৰু লুণ্ঠন চলিছে বুলি অখিলেশ যাদৱে অভিযোগ কৰে।

তেওঁৰ দাবী, ২০২৪ চনৰ পৰাই পিডিএৰ শক্তি বৃদ্ধি পোৱাত বিজেপি শংকিত হৈ পৰিছে। পিছপৰা শ্ৰেণী, দলিত আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ৰাজনৈতিক শক্তি বৃদ্ধিয়ে বিজেপিৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

পিডিএৰ অৰ্থ হৈছে পিছপৰা শ্ৰেণী, দলিত আৰু সংখ্যালঘু। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অখিলেশ যাদৱে এই শ্লোগানক সমাজবাদী পাৰ্টীৰ ৰাজনৈতিক কৌশলৰ কেন্দ্ৰলৈ আনিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত সমাজবাদী পাৰ্টীয়ে ৩৭খন, কংগ্ৰেছে ৬খন আৰু বিজেপিয়ে ৩৩খন আসন লাভ কৰিছিল।

সন্মিলনত অখিলেশ যাদৱে আসন ভাগ-বাটোৱাৰা, নিৰ্বাচন আৰু প্ৰাৰ্থী বাছনিৰ প্ৰস্তুতি শীঘ্ৰে চূড়ান্ত কৰা হ’ব বুলি জনায়। অৱশ্যে কোনটো নিৰ্বাচনক লক্ষ্য কৰি এই প্ৰস্তুতি চলোৱা হৈছে, সেয়া তেওঁ স্পষ্ট কৰা নাই।

ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰি বিজেপিয়ে নিজৰ চৰকাৰৰ কাম-কাজৰ প্ৰচাৰ চলাব পৰা নাই বুলিও সমাজবাদী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে কটাক্ষ কৰে।