আপোনালোকে তেল কমকৈ খাওক !‘দেশৰ প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাই’ ‘ময়ো তেল কমকৈ খাওঁ, পাৰিলে আপোনালোকেও তেল কমকৈ খাওক '- পীয়ূষ হাজৰিকাৰ আহ্বান

‘ভাৰত চৰকাৰে খোৱাতেলৰ নামত প্ৰতি বছৰে

২.৫০ লাখ কোটি টকা খৰচ কৰে'

পীয়ূষ হাজৰিকা

খোৱাতেলৰ ব্যৱহাৰ কমাবলৈ ৰাইজক আহ্বান জনাইছে অসমৰ কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেল কমকৈ খায় আৰু তেখেতেও তেল কমকৈ খায়। সম্ভৱ হ'লে আনসকলেও তেল কমকৈ খাব লাগে।

“দেশৰ প্ৰধানমন্ত্ৰীয়েও তেল কমকৈ খায়। ময়ো তেল কমকৈ খাওঁ, পাৰিলে আপোনালোকেও তেল কমকৈ খাওক।”

মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত চৰকাৰে খোৱাতেলৰ নামত প্ৰতি বছৰে প্ৰায় ২.৫০ লাখ কোটি টকা ব্যয় কৰে। দেশৰ খোৱাতেলৰ চাহিদাৰ বৃহৎ অংশ আমদানিৰ জৰিয়তে পূৰণ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দৈনন্দিন খাদ্যত খোৱাতেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। মেদবহুলতা, হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে জীৱনশৈলীৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ্ৰাস কৰাটোও এই আহ্বানৰ অন্যতম উদ্দেশ্য বুলি উল্লেখ কৰা হৈছিল।

অসমত খোৱাতেলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে পাম খেতিৰ প্ৰসাৰৰ ওপৰতো চৰকাৰে গুৰুত্ব দিছে। ৰাজ্যখনৰ চাহিদা আৰু উৎপাদনৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে কৃষকসকলক এই খেতিৰ বাবে উৎসাহিত কৰাৰ পদক্ষেপ লোৱা হৈছে।

পীয়ূষ হাজৰিকাৰ এই মন্তব্যক লৈ সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। একাংশই স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ দিশৰ পৰা কম তেল খোৱাৰ পৰামৰ্শক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি মন্তব্যটোৰ সমালোচনা কৰিছে।