কোকৰাঝাৰ, ২০ নৱেম্বৰ: অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালকে ধৰি বিভিন্ন চিকিৎসালয়ত কৰ্মৰত প্ৰায় ১৮ হাজাৰ জি এন এম নাৰ্চৰ উমৈহতীয়া সংগঠন সদৌ অসম নাৰ্চ সন্থা (আনা)ৰ ৪৬সংখ্যক ৰাজ্যিক পূৰ্ণাংগ অধিৱেশন এইবাৰ কোকৰাঝাৰ চহৰত অনুষ্ঠিত হ'ব।

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২০ আৰু ২১ নৱেম্বৰত দুদিনীয়াকৈ অধিৱেশনখন অনুষ্ঠিত হ'ব। এই উপলক্ষে সন্থাৰ বিটিএডি শাখাই এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি পূৰ্ণোদ্যমে কাম-কাজ অব্যাহত ৰাখিছে।

অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী ৰসনা ৰায় আৰু সম্পাদিকা উৰ্মিলা বসুমতাৰীয়ে জনোৱা মতে, ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় ৪০০ প্ৰতিনিধিয়ে অধিৱেশনত অংশগ্ৰহণ কৰিব।

অধিৱেশনৰ প্ৰথম দিনা পৰম্পৰাগত কাৰ্যসূচীৰ লগতে নিশালৈ ৰাজ্যিক প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব।

দ্বিতীয় দিনাৰ মূল সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘাল, বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, কেইবাগৰাকীও বিধায়ক আৰু স্বাস্থ্য বিভাগৰ প্ৰায় একুৰি উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰিব।

সভালৈ কোকৰাঝাৰ জিলাত বিভিন্ন সামাজিক স্তৰত কাম কৰি থকা প্ৰায় ২৫গৰাকী সন্মানীয় ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে। অধিৱেশন উপলক্ষে অভ্যৰ্থনা সমিতিয়ে এখন স্মৰণিকা প্ৰস্তুত কৰি উলিয়াইছে।

অধিৱেশনখন সফল কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিয়ে কোকৰাঝাৰ জিলাৰ সকলো স্তৰৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।