গুৱাহাটী, ১৬ নৱেম্বৰ: ১০ ডিচেম্বৰ আগতেই পৰিশোধ কৰক অনাদায় কৰ, অন্যথা ভৰিব লগা হ'ব পাৰে জৰিমনা-ঘোষণা মেয়ৰ মৃগেণ শৰণীয়াৰ । গুৱাহাটী পৌৰ নিগমে মহানগৰীত অনাদায় কৰ সংগ্ৰহৰ বাবে ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ বিশেষ অভিযান চলাব। মেয়ৰ মৃগেণ শৰণীয়াই এই কথা ঘোষণা কৰিছে।

যধে-মধে জাৱৰ পেলোৱা, একক ব্যৱহাৰযোগ্য প্লাষ্টিক (Single-use plastic) ব্যৱহাৰ আৰু অনাদায় কৰক লৈ এতিয়া অতিশয় কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম।

বকেয়া কৰ সংগ্ৰহৰ বাবে কঠোৰ হ’ব গুৱাহাটী পৌৰ নিগম। পৌৰ নিগমে ১০ ডিচেম্বৰক অনাদায় কৰ পৰিশোধৰ অন্তিম সময়সীমা হিচাপে নিৰ্ধাৰণ কৰিছে। মহানগৰীৰ বাসিন্দাসকল আৰু সম্পত্তিৰ গৰাকীসকলক এই তাৰিখৰ ভিতৰত বাকী থকা কৰ পৰিশোধ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্ধাৰিত ১০ ডিচেম্বৰৰ সময়সীমাৰ ভিতৰত কৰ পৰিশোধ নকৰিলে পৌৰ নিগমৰ নিয়ম অনুসৰি ভৰিব লাগিব ডাঙৰ অংকৰ জৰিমনা।

স্বচ্ছ আৰু বিকশিত গুৱাহাটী গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰা ‘শত দিন, শত অভিযান’ শীৰ্ষক ১০০ দিনীয়া বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে।

পৌৰ নিগমৰ সম্পত্তি কৰ পৰিশোধ প'ৰ্টেল অথবা আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে হোল্ডিং নম্বৰ ব্যৱহাৰ কৰি ঘৰতে বহি কৰ পৰিশোধ কৰিব পাৰিব। ইয়াৰ উপৰি নিকটৱৰ্তী চি এছ চি, সেৱা কেন্দ্ৰ অথবা পৌৰ নিগমৰ ৰাজহ সংমণ্ডলৰ কাৰ্যালয়তো কৰ জমা দিয়াৰ সুবিধা আছে।

আত্মসহায়ক গোটৰ মহিলা তথা ‘পৌৰ সখী’সকলৰ জৰিয়তে পি অ’ এছ মেচিনৰ সহায়ত ঘৰে ঘৰে গৈ কৰ সংগ্ৰহৰ ব্যৱস্থাও আছে বুলি পৌৰ নিগমে জনাইছে।

অনাদায় কৰ সংগ্ৰহৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে কৰদাতাসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বকেয়া পৰিশোধ কৰিবলৈ আহ্বান জনোৱা হৈছে। সেয়েহে, গুৱাহাটীবাসীৰ বাবে ১০ ডিচেম্বৰ হ'ব অনাদায় কৰ পৰিশোধৰ অন্তিম সময়সীমা।