ভাৰতীয় তেল নিগম ( অসম তেল সংমণ্ডল)ৰ উদ্যোগত আজিৰে পৰা ডিগবৈ গলফ্ লিংকত ২১ নৱেম্বৰলৈ ২৬ তম ইণ্ডিয়ান অইল ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা খনি অনুষ্ঠিত হৈছে। মুঠ এক কোটি টকাৰ প্ৰাইজমানিৰে অনুষ্ঠিত প্ৰতিযোগিতা খনিত বহিঃৰাষ্ট বাংলাদেশ, নেপাল, জাপান, মালয়েছিয়া, আৰু ভূটানৰ ১২ গৰাকী আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী খেলুৱৈকে আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১২০ গৰাকী পেছাদাৰী গলফ্ খেলুৱৈয়ে অংশগ্ৰহন কৰিছে। ডিগবৈ গলফ্ লিংকত অনুষ্ঠিত এক সংবাদমেলত আজি নিগমটোৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী ৰাহুল প্ৰশান্তই প্ৰতিযোগিতা খনিৰ সবিশেষ সদৰী কৰে। পিজিটি আই জেষ্ঠ্য প্ৰৱন্ধক নিখিল কালামে আঁত ধৰা সংবাদমেলত পিজি টি আই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ সঞ্চালক প্ৰশান্ত ঠাকুৰ, উদ্যোক্তা সমিতিৰ উপদেষ্টা তথা মুখ্য মহামহাপ্ৰৱন্ধক এম বিনোদ, ডিগবৈ এ অডিৰ মুখ্য মহাপ্ৰৱন্ধক ধনজিৎ বৈশ্য, টুৰ্নামেন্ট গলফ্ কেপ্তেইন তথা মহাপ্ৰৱন্ধক দীপাংকৰ দাস আদি উপস্থিত থাকে। প্ৰফেচনেল গলফ টুৰ্ণামেণ্টৰ জেষ্ঠ্য প্ৰৱন্ধক নিখিল কালামে প্ৰতিযোগিতাৰ সন্দৰ্ভত বিশদভাৱে অৱগত কৰি আই অ চি কতৃপক্ষক বিগত ২৫ টা বছৰ ধাৰাবাহিক ভাৱে ঐতিহাসিক এইটিন্ঠ হোল ডিগবৈ গলফ্ লিংকত বিশাল আয়োজনৰে প্ৰতিযোগিতা খনি আয়োজন কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দেশী বিদেশী খেলুৱৈৰ সমাহাৰেৰে অনুষ্ঠিত প্ৰতিযোগিতা খনত বহু শীৰ্ষ গলফা্ৰে অংশগ্ৰহন কৰিছে বুলি আয়োজক সমিতিয়ে সদৰী কৰিছে। প্ৰফেচনেল গলফ্ টুৰ্ণামেণ্ট অৱ ইণ্ডিয়াৰ বিষয়ববীয়া সকলে উদ্যোক্তা ভাৰতীয় তেল নিগমক গলফা্ৰৰ সুবিধাৰ্থে বিগত দুটা দশক ধৰি দিহিং পাটকাই সংৰক্ষিত অৰণ্যৰ এক প্ৰাকৃতিক মনোৰম পৰিবেশত সুন্দৰকৈ সফলতাৰে প্ৰতিযোগিতা খনি আয়োজন কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে, ১৮৯৮ চনত উক্ত ঐতিহাসিক ডিগবৈ গলফ্ লিংক খন প্ৰতিষ্ঠা কৰা হৈছিল। আজিৰে পৰা শুভাৰম্ভ হোৱা পেছাদাৰী গলফ্ প্ৰতিযোগিতা খনিত পিজিটিআই ৰেংকিঙৰ ঔম প্ৰকাশ চৌহান,ৰছিদ খান, মহম্মদ আজাহাৰ, অক্ষয় শৰ্মা, হানি বাইছয়া, মনু গান্দাছ সহ বহু শীৰ্ষ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
ডিগবৈত ১ কোটি টকাৰ প্ৰাইজমানিৰে ২৬ তম ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা। দেশী- বিদেশী খেলুৱৈৰ অংশগ্ৰহণ।
📍 ডিগবৈ · তিনিচুকীয়া
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।