ধেমাজি: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধেমাজি জিলাৰ গোগামুখ আৰু জোনাই পৰিষদীয় সমষ্টিৰ দুগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত গোগামুখ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ বিপৰীতে থকা প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। একেদৰে জোনাই পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিজয় শইকীয়াৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়েও মনোনয়ন প্ৰত্যাহাৰ কৰে।

ইয়াৰ পাছতে দুয়োগৰাকী প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়া তথা জিলা আয়ুক্তৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে। সমৰ্থকসকলে ফটকা ফুটাই দুয়োগৰাকীকে উষ্ম আদৰণি জনায়।

আগন্তুক ৩০ নৱেম্বৰত দুখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

প্ৰতীকবিহীন এই নিৰ্বাচনত এন ডি এৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ সঁহাৰি, জাতীয় সংগঠনৰ সমৰ্থন, ৰাইজৰ আস্থা-বিশ্বাস আৰু চৰকাৰৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ বাবেই এই বিজয় নিশ্চিত হৈছে বুলি দুয়োগৰাকী প্ৰাৰ্থীয়ে মন্তব্য কৰে।