গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ঘটনাস্থলী পৰিদৰ্শন কৰি নিহতসকলৰ পৰিয়াললৈ মুঠ ৯ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকা, ৰাজ্য চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ প্ৰতিগৰাকী নিহতৰ পৰিয়ালে লাভ কৰিব।
দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা শীঘ্ৰে সম্পন্ন কৰাৰ বাবে গুৱাহাটী আৰু আন চিকিৎসালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসক ঘটনাস্থলীলৈ অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়। ১০টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। দুপৰীয়া ২ বজাৰ ভিতৰত সকলো মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। তাৰ পাছতে চৰকাৰী বাহনেৰে মৃতদেহসমূহ পৰিয়ালৰ ওচৰলৈ লৈ যোৱা হ'ব।
আহতসকলৰ ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে। ১০জনৰ অৱস্থা সুস্থিৰ, ৬জন আই চি ইউত আৰু এজন ভেণ্টিলেটৰত আছে বুলি তেওঁ কয়। কেইবাজনো আহতৰ অৱস্থা এতিয়াও সংকটজনক। উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল যোৰহাটত উপস্থিত হৈছে।
নিহতসকলৰ ভিতৰত এগৰাকী ব্যক্তিৰ পৰিচয় এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। তেওঁ বিহাৰৰ বাসিন্দা হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে বাকীসকলৰ পৰিচয় লাভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
দুৰ্ঘটনাৰ তদন্ত চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কাজিৰঙা এলেকাত ঘণ্টাত ৪০ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ নিয়ম থকাৰ বিপৰীতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখন ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক বেগত চলিছিল বুলি ভিডিঅ'ত দেখা গৈছে। চালকজনে কেনে পৰিস্থিতিত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল, সেই সন্দৰ্ভত তদন্তৰ প্ৰয়োজন আছে। চালকৰ হৃদৰোগ, ষ্ট্ৰোক বা ৰক্তত শৰ্কৰাৰ মাত্ৰা হঠাৎ কমি যোৱাৰ সম্ভাৱনাও পৰীক্ষা কৰা হ'ব।
ট্ৰেভেলাৰখনত অনুমোদিত আসনৰ তুলনাত অধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ জনায় যে, বাহনখনত প্ৰায় ৪১গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাহনখনৰ গতি নিয়ন্ত্ৰণ ব্যৱস্থা বিকল কৰা বা তাৰ তাঁৰ বিচ্ছিন্ন কৰাৰ দৰে অনিয়মৰ কথাও তদন্তত চোৱা হ'ব। অত্যধিক গতি, অতিৰিক্ত যাত্ৰী কঢ়িওৱা আৰু সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰে মুখ্যমন্ত্ৰীয়ে।