অসম, ১৬ নৱেম্বৰ: ৰাজ্যত সংঘটিত শেহতীয়া ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজমল ফাউণ্ডেশ্যনে।

প্ৰতিটো পৰিয়ালৰ বিপৰীতে নহয়, দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নামত ১ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি ফাউণ্ডেশ্যনটোৱে ঘোষণা কৰিছে।

দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰি আজমল ফাউণ্ডেশ্যনৰ সৈতে জড়িত এগৰাকী প্ৰতিনিধিয়ে কয় যে, এই ঘটনাত ২৬জনতকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি তেওঁ জানিব পাৰিছে। প্ৰতিগৰাকী মৃতকৰ পৰিয়ালৰ দুখত সমগ্ৰ অসমবাসীও সমভাগী হ'ব লাগে বুলি তেওঁ আহ্বান জনায়।

লগতে, ৰাজ্যত পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়। বিনা অনুজ্ঞাপত্ৰত বাহন চলোৱা, সুৰাপান কৰি বা ড্ৰাগছ সেৱন কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।

তেওঁৰ মতে, যান-বাহন নিয়মৰ কঠোৰ প্ৰয়োগ আৰু নিয়মীয়া পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে এনে দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিব লাগে। সাহায্যৰ ধন মৃতকৰ পৰিয়ালসমূহৰ হাতত কেনেদৰে আৰু কেতিয়া তুলি দিয়া হ'ব, সেই সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে।