কাজিৰঙাৰ সমীপৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ২৬জনৰ মৃত্যু হোৱাৰ পাছত গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ ছয়জন বিষয়াক নিলম্বন কৰা হৈছে।
কাজিৰঙাৰ সমীপৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম পৰিবহণ বিভাগে। কৰ্তব্যত গাফিলতিৰ অভিযোগত গোলাঘাট জিলাৰ ছয়গৰাকী পৰিবহণ বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।
নিলম্বিত বিষয়াকেইগৰাকীৰ ভিতৰত চাৰিগৰাকী এনফৰ্চমেণ্ট চেকাৰ আৰু দুগৰাকী সহকাৰী এনফৰ্চমেণ্ট বিষয়া আছে। এনফৰ্চমেণ্ট চেকাৰকেইগৰাকী হৈছে টুটু দত্ত, সুদীপ্ত অনুৰাগ বৰা, দুষ্যন্ত মাধৱ বৰুৱা আৰু বিশ্বজ্যোতি সন্দিকৈ। আনহাতে, সহকাৰী এনফৰ্চমেণ্ট বিষয়া দুগৰাকী হৈছে ৰবিন গগৈ আৰু ক্ষীৰোদ নেওগ।
উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কঁহৰা বনাঞ্চলৰ অন্তৰ্গত ৰঙাজানত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল। এই ভয়াৱহ দুৰ্ঘটনাত ছাত্ৰ-ছাত্ৰীসহ ২৬জন লোকৰ মৃত্যু হৈছিল। ট্ৰেভেলাৰখনত আসনৰ ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ লগতে বাহনখন দ্ৰুতবেগত চলাৰ অভিযোগ উত্থাপন হৈছে।
নিলম্বিত বিষয়াসকলৰ ভিতৰত চাৰিজন এনফৰ্চমেণ্ট চেকাৰ আৰু দুজন সহকাৰী এনফৰ্চমেণ্ট চেকাৰ আছে। এনফৰ্চমেণ্ট চেকাৰকেইজন হ'ল টুটু দত্ত, সুদীপ্ত অনুৰাগ বৰা, দুষ্যন্ত মাধৱ বৰুৱা আৰু বিশ্বজ্যোতি সন্দিকৈ।
নিলম্বিত সহকাৰী এনফৰ্চমেণ্ট চেকাৰ দুজন হৈছে ৰবিন গগৈ আৰু খিৰোদ নেওগ।
দ্ৰুতবেগী ট্ৰেভেলাৰ গাড়ী এখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনা সংঘটিত হৈছিল। গাড়ীখনত ৩৫জনতকৈও অধিক যাত্ৰী আছিল। যাত্ৰীসকলৰ ভিতৰত কাজিৰঙা উচ্চ বিদ্যালয়ৰ শিক্ষাৰ্থীও আছিল।
অভিযোগ অনুসৰি, অভাৰলোডেড আৰু দ্ৰুতবেগী বাহনৰ বিৰুদ্ধে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই পৰিবহণ বিভাগৰ বিষয়াকেইজনৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।