হায়দৰাবাদ: তেলেংগানা চৰকাৰে আয়োজন কৰা ‘ভাৰত সন্মিলন’ত ইটালীৰ নেতা তথা ইউৰোপীয় সমাজবাদী দলসমূহৰ পাৰ্টিৰ সাধাৰণ সম্পাদক জিয়াকোমো ফিলিবেকে দিয়া ‘ভোট চোৰ, গদি ছোড়’ শ্লোগানক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। সেই সময়ত মঞ্চত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী উপস্থিত আছিল।

‘ভোট চোৰ, গদি ছোড়’

সন্মিলনত ফিলিবেকে প্ৰথমে হিন্দীত শ্লোগানটো দিয়ে আৰু পাছত ইংৰাজীত ইয়াৰ অৰ্থ ব্যাখ্যা কৰে। কংগ্ৰেছশাসিত তেলেংগানা চৰকাৰে আয়োজন কৰা সন্মিলনখনলৈ কংগ্ৰেছৰ সহযোগী দলসমূহৰ প্ৰতিনিধিসকলৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল।

বিজেপিয়ে দাবী কৰিছে যে, বিদেশী নেতাগৰাকীয়ে শ্লোগান দিয়াৰ সময়ত ৰাহুল গান্ধীয়ে হাঁহি মাৰিছিল। দলটোৱে কংগ্ৰেছৰ বিৰুদ্ধে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত বিদেশী নেতাক জড়িত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

দেওবাৰে মহাৰাষ্ট্ৰৰ এখন জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধী আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। শ্বাহৰ অভিযোগ, কংগ্ৰেছে দেশ-বিদেশৰ বাওঁপন্থী মতাদৰ্শত বিশ্বাসী লোকসকলক আমন্ত্ৰণ কৰি সন্মিলনখনৰ নাম ‘ভাৰত সন্মিলন’ ৰাখিছিল। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতবিৰোধী মত প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে বিশ্বৰ সন্মুখত দেশৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰিছে বুলিও তেওঁ অভিযোগ কৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও ঘটনাটোক লৈ ৰাহুল গান্ধীক সমালোচনা কৰি বিদেশী ব্যক্তিয়ে ভাৰতক অপমান কৰাৰ সময়ত কোনোবাই হাঁহি থকা দেখিছেনে বুলি প্ৰশ্ন তোলে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী সঞ্জয় কুমাৰেও তেলেংগানা চৰকাৰক সমালোচনা কৰি শনিবাৰে অনুষ্ঠিত অনুষ্ঠানটোক ‘ভাৰতবিৰোধী সন্মিলন’ বুলি অভিহিত কৰে।

বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত আঁতাত থকাৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতাসকলে পূৰ্বেও ‘ভোট চোৰ, গদি ছোড়’ শ্লোগান ব্যৱহাৰ কৰি আহিছে।