গোন্দিয়া: মহাৰাষ্ট্ৰৰ গোন্দিয়া জিলাৰ বন্দ্ৰানী জংঘলত ৰক্তাক্ত অৱস্থাত ইণ্ডিগোৰ কৰ্মচাৰী বৰ্ষা ঠাকুৰৰ মৃতদেহ উদ্ধাৰ হৈছে। ৩৫ বছৰীয়া বৰ্ষা পুনে বিমানবন্দৰত ইণ্ডিগোৰ টিকট কাউণ্টাৰত কৰ্মৰত আছিল।
পৰিয়ালৰ সূত্ৰ অনুসৰি, দীপাৱলীৰ ছুটি লৈ মধ্যপ্ৰদেশৰ বালাঘাট জিলাত থকা নিজৰ ঘৰলৈ আহিছিল বৰ্ষা। চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে বিয়লি প্ৰায় ৪ বজাত বৰ্ষা ঘৰৰ পৰা ওলাই নীতেশ আগৰৱাল নামৰ বন্ধুজনৰ সৈতে নদীৰ পাৰত ফুৰিবলৈ গৈছিল। কেইঘণ্টামান পিছত নীতেশে বৰ্ষাৰ পৰিয়ালক ফোন কৰি তেওঁলোক ডাকাতৰ কবলত পৰা বুলি জনায়।
মুখত মাস্ক পিন্ধা কেইজনমান লোকে জংঘলত তেওঁলোকক আগচি ধৰি সামগ্ৰী কাঢ়ি নিয়াৰ লগতে বৰ্ষাক আক্ৰমণ কৰিছিল বুলি নীতেশে দাবী কৰিছে।
অৱশ্যে নীতেশৰ ভাষ্যত অসংগতি লক্ষ্য কৰি আৰক্ষীয়ে তেওঁক আটক কৰি সোধা-পোছা চলাইছে। ডাকাতৰ সৈতে সংঘৰ্ষ বা হতাহতি হোৱা বুলি দাবী কৰাৰ পিছতো নীতেশৰ শৰীৰত কোনো আঘাতৰ চিন নথকাত আৰক্ষীৰ সন্দেহ ঘনীভূত হৈছে।
প্ৰাথমিক তদন্তত বৰ্ষাক ধাৰাল অস্ত্ৰৰে আঘাত কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। কিন্তু মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে।
পৰিয়ালৰ সূত্ৰ অনুসৰি, বৰ্ষাৰ আঢ়ৈ বছৰীয়া এটি পুত্ৰ সন্তান আছে।