ঢাকা, ১৭ নৱেম্বৰ: ন্যূনতম মাহিলী দৰমহা ১২,৫০০ টকাৰ পৰা ৩০,০০০ টকালৈ বৃদ্ধিৰ দাবীত বাংলাদেশত গাৰ্মেণ্ট উদ্যোগৰ শ্ৰমিকসকলৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে। এই প্ৰতিবাদৰ ফলত দেশখনৰ কেইবাটাও ঔদ্যোগিক অঞ্চলত উৎপাদন ব্যাহত হোৱাৰ লগতে শতাধিক কাৰখানা বন্ধ ৰাখিবলগীয়া হৈছে।
ঢাকা, গাজীপুৰ, আশুলিয়া আৰু অন্যান্য ঔদ্যোগিক অঞ্চলত ৩০ হাজাৰ টকাৰ ন্যূনতম দৰমহা নিৰ্ধাৰণৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ চলাইছে। শ্ৰমিকসকলৰ অভিযোগ, খাদ্য, ঘৰ ভাড়া, যাতায়াত আৰু চিকিৎসাৰ ব্যয় দ্ৰুতগতিত বৃদ্ধি পালেও সেই অনুপাতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হোৱা নাই।
ইয়াৰ ফলত দৈনন্দিন প্ৰয়োজন পূৰণ কৰাটোও বহু শ্ৰমিকৰ বাবে কঠিন হৈ পৰিছে। প্ৰতিবাদৰ সময়ত একাংশ স্থানত শ্ৰমিক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু শব্দবোমা ব্যৱহাৰ কৰে।
সংঘৰ্ষ আৰু পথ অৱৰোধৰ ফলত কেইবাটাও কাৰখানাৰ উৎপাদন বন্ধ হৈ পৰে। শ্ৰমিকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ চৰকাৰে ১ নৱেম্বৰত ছয়জনীয়া মজুৰি ব’ৰ্ড গঠন কৰে।
৪ নৱেম্বৰত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকত ডিচেম্বৰৰ পৰা নতুন দৰমহা গাঁথনি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে, দৰমহা কিমান বৃদ্ধি কৰা হ’ব, সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। নতুন গাঁথনি অনুসৰি জানুৱাৰীত প্ৰথম দৰমহা লাভ কৰাৰ কথা।
বাংলাদেশৰ অৰ্থনীতিৰ অন্যতম প্ৰধান ভেটি হৈছে সাজ-পোছাক উৎপাদন উদ্যোগ। এই খণ্ডত প্ৰায় ৪০ লাখ লোক কৰ্মৰত আৰু দেশখনৰ মুঠ ৰপ্তানি উপাৰ্জনৰ ৮০ শতাংশতকৈ অধিক এই উদ্যোগৰ পৰা আহে। কাৰখানা মালিকসকলে উৎপাদন ব্যয়, শক্তিৰ মূল্য আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰতিযোগিতাৰ কথা উল্লেখ কৰি বৃহৎ পৰিমাণৰ দৰমহা বৃদ্ধিয়ে উদ্যোগটোৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে।