ডিগবৈ, ২৬ নৱেম্বৰ: ডিগবৈ গল্ফ লিংকছত চলি থকা ২৬সংখ্যক ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছ গল্ফ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ পিছত মহৌৰ অম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰৌনিল কুক্কাডে ৯ আণ্ডাৰ ১৩৫ স্ক’ৰে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰিছে।

চৌহানে ৬৭-৬৮ স্ক’ৰে দ্বিতীয় ৰাউণ্ডত ৪ আণ্ডাৰ ৬৮ স্ক’ৰ কৰে। তেওঁৰ ৰাউণ্ডটোত চাৰিটা বাৰ্ডি আছিল। যুটীয়া দ্বিতীয় স্থানৰ পৰা তেওঁ শীৰ্ষস্থানলৈ উঠি আহে।

কুক্কাডে ৭০-৬৫ স্ক’ৰে দ্বিতীয় ৰাউণ্ডত ৭ আণ্ডাৰ ৬৫ স্ক’ৰ কৰি দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰে। পাৰ-৫ সপ্তম হোলত তেওঁ এটা ইগলৰ লগতে আঠটা বাৰ্ডি আৰু তিনিটা ব’গি কৰে। প্ৰথম ৰাউণ্ডৰ পিছত যুটীয়া ১৪সংখ্যক স্থানত থকা কুক্কাডে এই প্ৰদৰ্শনেৰে চৌহানৰ সৈতে শীৰ্ষস্থান ভাগ-বতৰা কৰে।

প্ৰথম ৰাউণ্ডৰ শীৰ্ষস্থানত থকা গুৰুগ্ৰামৰ সৌৰভ ৰাঠীয়ে ৬৫-৭২ স্ক’ৰে ৭ আণ্ডাৰ ১৩৭ স্ক’ৰ কৰি তৃতীয় স্থানত আছে। দ্বিতীয় ৰাউণ্ডত তেওঁ পাঁচটা বাৰ্ডি আৰু পাঁচটা ব’গিৰে সম-পাৰ ৭২ স্ক’ৰ কৰে।

বাংলাদেশৰ জামাল হোছেইন, কাপুৰথলাৰ যুৱৰাজ সিং, জয়পুৰৰ প্ৰখৰ আসাৱা আৰু পুনেৰ দিব্যাংশ ডুবে ৬ আণ্ডাৰ ১৩৮ স্ক’ৰে যুটীয়াভাৱে চতুৰ্থ স্থানত আছে।

ভাৰতীয় পেছাদাৰী গল্ফৰ ইতিহাসত ইণ্ডিয়ানঅইল চাৰ্ভ’ মাষ্টাৰ্ছৰ বিশেষ স্থান আছে। ভাৰতীয় ঘৰুৱা গল্ফ ছাৰ্কিট আৰু ডি পি ৱৰ্ল্ড পিজিটিআইৰ দীৰ্ঘদিনীয়া প্ৰতিযোগিতাসমূহৰ অন্যতম এই প্ৰতিযোগিতাখন উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ পেছাদাৰী গল্ফ অনুষ্ঠান হিচাপে পৰিচিত।