নতুন দিল্লী, ১৮ নৱেম্বৰ: ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ নামত পশু হত্যা বন্ধ কৰাৰ দাবীত দাখিল কৰা আবেদন খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

বুধবাৰে ন্যায়াধীশ বিক্ৰম নাথ, আৰ. মহাদেৱন আৰু অপৰেশ কুমাৰ সিঙৰ বিচাৰপীঠে আবেদনকাৰীৰ যুক্তি শুনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে।

অধিবক্তা শ্ৰুতি বিষ্টে দাখিল কৰা আবেদনখনত ১৯৬০ চনৰ পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনখনৰ সংশ্লিষ্ট বিধান সংশোধনৰ নিৰ্দেশ বিচৰা হৈছিল। আইনখনত ধৰ্মীয় আচাৰ-অনুষ্ঠান বা পৰম্পৰাৰ অংশ হিচাপে পশু হত্যা কৰাৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা আছে।

আবেদনকাৰীয়ে এই ৰেহাইৰ বিধান সংশোধন কৰি ধৰ্মীয় অনুষ্ঠানত পশু হত্যা বন্ধ কৰাৰ দাবী জনাইছিল। আবেদনখনত কোৱা হৈছিল যে, ধৰ্মীয় বলিৰ প্ৰথা পূৰ্বৰ তুলনাত হ্ৰাস পালেও দেশৰ বিভিন্ন অঞ্চলত এতিয়াও এই প্ৰথা চলি আছে।

হিমালয় অঞ্চল, উত্তৰ-পূব ভাৰত, ওড়িশা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানৰ নামত পশু হত্যা কৰা হয় বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল। আবেদনকাৰীৰ মতে, ধৰ্মৰ নামত পশু হত্যা কৰাৰ প্ৰথাই ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখিত জীৱনৰ অধিকাৰ উলংঘা কৰে।

ইয়াৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰিছিল। বুধবাৰৰ শুনানিত বিচাৰপীঠে একে বিষয়ত হস্তক্ষেপ বিচাৰি আন পক্ষই জনোৱা আবেদনো গ্ৰহণৰ অনুমতি নিদিলে।

বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে, এই বিষয়ত নিজৰ বক্তব্য দাঙি ধৰিব বিচৰা পক্ষসমূহে পৃথকে আবেদন দাখিল কৰিব পাৰিব। এই সিদ্ধান্তৰ জৰিয়তে ধৰ্মীয় আচাৰ-অনুষ্ঠানত পশু বলি বন্ধ কৰাৰ দাবীত দাখিল কৰা বৰ্তমানৰ আবেদনখনৰ আইনী প্ৰক্ৰিয়াৰ সামৰণি পৰিল।