ঢাকা, ১৯ নৱেম্বৰ: বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে। চট্টগ্ৰামত প্ৰাক্তন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে ঢাকাৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণ, অগ্নিসংযোগ আৰু ভাঙি-ছিঙি লণ্ডভণ্ড কৰাৰ ঘটনা ঘটিছে। বিগত দুদিনৰ সংঘৰ্ষ আৰু হিংসাত্মক ঘটনাত কমেও চাৰিজন লোকৰ মৃত্যু হৈছে।
বুধবাৰে এই ঘটনাসমূহৰ মাজতে প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিষিদ্ধ আওয়ামী লীগৰ পুনৰুত্থান ৰোধ কৰিবলৈ সকলো গণতান্ত্ৰিক শক্তিয়ে একেলগে কাম কৰিব লাগিব বুলি তেওঁ কয়।
২০২৪ চনৰ জুলাইৰ গণ-অভ্যুত্থানৰ সময়ত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক শক্তি যিদৰে একত্ৰিত হৈছিল, পুনৰ তেনে ঐক্য গঢ়ি তুলিব লাগিব। গণতান্ত্ৰিক শক্তিসমূহে একেলগে হিংসাত্মক কাৰ্যকলাপ প্ৰতিহত কৰিব লাগিব বুলি তাৰেক ৰহমানে সংসদত কয়।
চট্টগ্ৰামৰ পঞ্চলাইশ অঞ্চলত থকা ইউনুছৰ পৈতৃক বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। ইয়াৰ পূৰ্বে চিলেট, ৰাজশাহী, বৰিশাল আৰু ফৰিদপুৰত গ্ৰামীণ বেংকৰ কেইবাটাও শাখাত আক্ৰমণৰ ঘটনা ঘটিছিল।
ঢাকাৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সীমান্তৰক্ষী বাহিনী বিজিবিৰ হাজাৰ হাজাৰ জোৱান মোতায়েন কৰা হৈছে। আৰক্ষীয়ে ঢাকাত ২৪ ঘণ্টাৰ অভিযানত ৫৬৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত প্ৰাক্তন শিক্ষামন্ত্ৰী নুৰুল ইছলাম নাহিদো আছে।
আৰক্ষীৰ তথ্য অনুসৰি, পশ্চিমাঞ্চলৰ নড়াইল জিলাত আওয়ামী লীগৰ কৰ্মীৰ আক্ৰমণত বিএনপিৰ দুজন নেতা ছোহেল মোল্লা আৰু মহম্মদ শ্বাহিনৰ মৃত্যু হয়। পিৰোজপুৰত অচিনাক্ত দুৰ্বৃত্তই দুখন বাহনত অগ্নিসংযোগ কৰাৰ ফলত এখন ৰখাই থোৱা বাছৰ ভিতৰত থকা এজন পৰিবহণ কৰ্মী অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে। মঙলবাৰে নিশা ফৰিদপুৰত আওয়ামী লীগৰ কৰ্মী আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত বিএনপিৰ স্থানীয় নেতা ৰাজু মোল্লাৰ মৃত্যু হয়।
দেশখনৰ ৬৪খন প্ৰশাসনিক জিলাৰ ভিতৰত ২৮খন জিলাত বাহনত অগ্নিসংযোগ আৰু কেঁচা বোমা বিস্ফোৰণৰ ঘটনা ঘটিছে। বিএনপিৰ কেইবাটাও কাৰ্যালয় আৰু এজন দলীয় নেতাৰ বাসগৃহতো অগ্নিসংযোগ কৰা হৈছে। গৃহমন্ত্ৰী ছালাহউদ্দিন আহমেদে আৰক্ষী থানা আৰু আইন-শৃংখলা বাহিনীৰ সদস্যসকলৰ ওপৰত আক্ৰমণৰ ঘটনাত জড়িতসকলক ভিডিঅ’, অডিঅ’ আৰু ফটোগ্ৰাফৰ সহায়ত চিনাক্ত কৰি আইনৰ আওতালৈ অনা হ’ব বুলি সংসদত আশ্বাস দিছে।