ৰোহিংগীয়া শৰণাৰ্থীসকলৰ নিৰাপদ, শীঘ্ৰ আৰু স্থায়ীভাৱে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থন পুনৰ স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে গণহত্যাৰ গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে (ICJ) ম্যানমাৰৰ বিৰুদ্ধে ঐতিহাসিক ৰায় প্ৰদান কৰাৰ এদিন পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই স্থিতি প্ৰকাশ কৰে।
শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে স্থানচ্যুত ৰোহিংগীয়াসকলৰ নিৰাপদ, শীঘ্ৰ আৰু স্থায়ী প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে সদায় সমৰ্থন আগবঢ়াই আহিছে। ইয়াৰ লগতে বাংলাদেশৰ শৰণাৰ্থী শিবিৰত থকা ৰোহিংগীয়াসকললৈ ভাৰতে আগবঢ়োৱা মানৱীয় সাহায্যৰ বিষয়েও উল্লেখ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে। তেওঁৰ মতে, ‘অপাৰেচন ইনছানিয়ত’ৰ অধীনত ভাৰতে পাঁচটা পৰ্যায়ত সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল।
উল্লেখ্য যে, ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ম্যানমাৰৰ পৰা বৃহৎ সংখ্যক ৰোহিংগীয়া শৰণাৰ্থী বাংলাদেশলৈ পলায়ন কৰাৰ পাছতে ভাৰতে ‘অপাৰেচন ইনছানিয়ত’ আৰম্ভ কৰিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, প্ৰায় তিনি লাখ স্থানচ্যুত লোকৰ বাবে চাউল, দাইল, চেনি, নিমখ, ৰন্ধন তেল, চাহ, খাদ্য সামগ্ৰী, বিস্কুট আৰু মহৰ পৰা সুৰক্ষাৰ বাবে আঁঠুৱা আদি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছিল।
ইয়াৰ উপৰি ২০১৭ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত ম্যানমাৰৰ প্ৰায় ১৫ হাজাৰ স্থানচ্যুত লোকলৈও ভাৰতে সাহায্য আগবঢ়াইছিল। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ‘ৰাখাইন ষ্টেট ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ অধীনত পাঁচ বছৰত ২৫ নিযুত মাৰ্কিন ডলাৰ সাহায্যৰ প্ৰতিশ্ৰুতিও দিছিল ভাৰতে। ২০১৯ চনৰ জুলাই মাহত বাংলাদেশৰ পৰা উভতি যোৱা স্থানচ্যুত লোকসকলৰ বাবে ২৫০টা পূৰ্বনিৰ্মিত বাসগৃহও হস্তান্তৰ কৰা হৈছিল।
আনহাতে, ৰোহিংগীয়া গণহত্যাৰ গোচৰত বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ৯-৬ সংখ্যাগৰিষ্ঠতাৰে ম্যানমাৰক গণহত্যা প্ৰতিৰোধ আৰু শাস্তি প্ৰদান সম্পৰ্কীয় ১৯৪৮ চনৰ চুক্তিৰ অধীনত দায়িত্ব উলংঘা কৰাৰ বাবে দায়ী সাব্যস্ত কৰে। গাম্বিয়াই ২০১৯ চনত দাখিল কৰা গোচৰটোৰ ভিত্তিত এই ৰায় প্ৰদান কৰা হয়।
আদালতে ম্যানমাৰক গণহত্যাৰ সৈতে জড়িত সন্দেহযুক্ত লোকসকলৰ তদন্ত আৰু বিচাৰ, ভৱিষ্যতে এনে ঘটনা ৰোধৰ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত ৰোহিংগীয়াসকলক ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিছে। লগতে স্থানচ্যুত লোকসকলৰ নিৰাপদ, স্বেচ্ছামূলক আৰু মৰ্যাদাপূৰ্ণ প্ৰত্যাৱৰ্তন তথা বিচ্ছিন্ন হোৱা পৰিয়ালসমূহৰ পুনৰ মিলনৰ বিষয়টোও ৰায়ত অন্তৰ্ভুক্ত কৰা হৈছে । ক্ষতিপূৰণৰ পৰিমাণ আৰু প্ৰদানৰ পদ্ধতি পৰৱৰ্তী পৰ্যায়ত নিৰ্ধাৰণ কৰা হ’ব। ম্যানমাৰক দুবছৰৰ ভিতৰত আদালতত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
ৰোহিংগীয়া সংকটৰ সমাধানৰ ক্ষেত্ৰত ভাৰতৰ এই পুনৰাবৃত্ত স্থিতিয়ে বাংলাদেশ আৰু ম্যানমাৰৰ মাজত শৰণাৰ্থীসকলৰ প্ৰত্যাৱৰ্তনৰ বিষয়টোক পুনৰ আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ কেন্দ্ৰলৈ আনিছে।