পৌৰী গাড়োৱাল, ২০ নৱেম্বৰ:
৯১ বছৰ বয়সত যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ।দিবংগত আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ ৯১ বছৰ বয়সত মৃত্যু হৈছে। শুকুৰবাৰে পুৱা উত্তৰাখণ্ডৰ পৌৰী গাড়োৱাল জিলাৰ পাঞ্চুৰ গাঁৱত থকা পৈতৃক বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
সাবিত্ৰী দেৱী বিগত কেইবামাহ ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল। তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ পাছতে বিভিন্ন ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সামাজিক মাধ্যমত শোকবাৰ্তা প্ৰকাশ কৰি কয় যে, মাতৃৰ স্নেহ, আশীৰ্বাদ আৰু মৰম জীৱনৰ অমূল্য সম্পদ। তেওঁ যোগী আদিত্যনাথ আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
পৰিয়ালৰ সূত্ৰ আৰু স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, শনিবাৰে হৰিদ্বাৰত সাবিত্ৰী দেৱীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।