গুৱাহাটী, ২ নৱেম্বৰ: ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত ২ আৰু ৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ‘Progress and Challenges in Modern Day Sustainable Science (PCMDSS26)’ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছে।

আলোচনা চক্ৰখন উদ্বোধন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই। অনুষ্ঠানত মুখ্য বক্তৃতা প্ৰদান কৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক বিল জোনছ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ANRF Prime Minister Professor ড০ ভূপেন্দ্ৰ নাথ গোস্বামীয়ে।

আলোচনা চক্ৰখনত আধুনিক বহনক্ষম বিজ্ঞানৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিভিন্ন দিশ আলোচনা কৰা হ’ব। এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত দেশ-বিদেশৰ গৱেষকসকলে মুঠ ১৪৬খন গৱেষণা-পত্ৰ উপস্থাপন কৰিব।