বেংগালুৰু, ২০ নৱেম্বৰ:

২২ দিন ধৰি বাংগালুৰুত নিখোজ হাউলীৰ নন্দলাল ঘোষ। বাংগালুৰুৰ Indian Institute of Astrophysicsৰ পৰা নিৰুদ্দেশ নন্দলাল।

বৰপেটা জিলাৰ হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ যোৱা ২৯ অক্টোবৰৰ পৰা বেংগালুৰুত সন্ধানহীন হৈ আছে। ২২ দিন ধৰি তেওঁৰ কোনো সন্ধান নোপোৱাত পৰিয়ালে ৰাইজৰ সহায় বিচাৰিছে।

নন্দলাল ঘোষ বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ সৈতে জড়িত জ্যোতিৰ্বিজ্ঞানৰ গৱেষক ছাত্ৰ আছিল। ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্সৰ পৰাই তেওঁ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে জনাইছে।

ঘটনাটোক লৈ পৰিয়ালৰ তৰফৰ পৰা বেংগালুৰুৰ মাডিৱালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। তেওঁ গৱেষণা কৰি থকা ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ'ফিজিক্স (IIA)-ৰ ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকলে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ সন্ধান উলিয়াবলৈ ব্যাপক প্ৰচাৰ চলাই আছে। নন্দলাল ঘোষৰ সন্ধান বিচাৰি কৰ্ণাটক আৰক্ষীয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে লুক-আউট জাননী (Lookout Notice) জাৰি কৰিছে।নন্দলালৰ সন্ধান উলিয়াবলৈ পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো কামনা কৰিছে।

২২ দিন উকলি যোৱাৰ পাছতো তেওঁৰ কোনো শুংসূত্ৰ নোপোৱাত বৰপেটাৰ হাউলীস্থিত তেওঁৰ পৰিয়াল আৰু স্থানীয় ৰাইজ গভীৰ উদ্বেগৰ মাজেৰে দিন অতিবাহিত কৰিছে।

নন্দলাল ঘোষৰ সন্ধান অথবা তেওঁৰ বিষয়ে কোনো তথ্য লাভ কৰিলে ৬০০০৬-৩৭৪৮৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে। লগতে বাৰ্তাটো অধিক লোকৰ মাজত প্ৰচাৰ কৰি সন্ধান অভিযানত সহায় কৰিবলৈও আহ্বান জনোৱা হৈছে।