গুৱাহাটী, ২০ নৱেম্বৰ:

নুনমাটিত ৯ বছৰীয়া কন্যাক অপহৰণৰ অভিযোগ, মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা।

নুনমাটি পেট্ৰ’ল পাম্পৰ সমীপত ৯ বছৰীয়া কন্যাসন্তানক কোনো দুৰ্বৃত্তই বাহনত উঠাই লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰি মাতৃ চুমি বৰুৱাই হুৱাদুৱা লগোৱাত শুকুৰবাৰে চাঞ্চল্যৰ সৃষ্টি হয়।

মোক ছোৱালীজনীক বিচাৰি দিয়ক ! চুমি বৰুৱাই ৰাজহুৱা স্থানত কান্দি-কাটি কন্যাক বিচাৰি দিবলৈ আহ্বান জনাইছিল। তেওঁ দাবী কৰিছিল যে কোনো দুৰ্বৃত্তই তেওঁৰ কন্যাসন্তানক লৈ গৈছে।

পাছত জানিব পৰা মতে, চুমি বৰুৱাই সুৰাপান কৰি চিলাপথাৰৰ পৰা শিশুটিক লৈ গুৱাহাটীলৈ আহিছিল। নুনমাটি পেট্ৰ’ল পাম্পৰ সমীপত শিশুটিক এৰি থোৱাৰ পাছত তেওঁ অপহৰণৰ অভিযোগ তুলি হুৱাদুৱা লগায়।

ঘটনাৰ পাছতে পৰিয়ালৰ লোক শিশুটিক লৈ নুনমাটি আৰক্ষী থানাত উপস্থিত হয়। শিশুটিক তেওঁলোকৰ জিম্মাত দিয়া হৈছে বুলি জানিব পৰা গৈছে। অপহৰণৰ অভিযোগ আৰু ঘটনাটোৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য এতিয়াও স্পষ্ট হোৱা নাই।