দিল্লী: অসমৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰামলীলা ময়দানত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল অসম সংখ্যালঘু ছাত্ৰ সন্থাই (এবিএমছু)। এই কাৰ্যসূচীত সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি ৰামলীলা ময়দান উত্তাল কৰি তোলে।

কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে এবিএমছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসমৰ সমস্যাসমূহৰ শীঘ্ৰে সমাধান দাবী কৰি বিভিন্ন শ্লোগানেৰে ৰামলীলা ময়দান কঁপাই তোলে।

প্ৰতিবাদস্থলীত সংগঠনটোৱে অসমত অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত পৰিয়ালসমূহক পুনৰসংস্থাপন দিয়া আৰু ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ দাবী জনায়।

ইয়াৰ উপৰি ৰাজ্যৰ ডি-ভোটাৰ সমস্যাৰ স্থায়ী সমাধান, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত (এনআৰচি) নাম অন্তৰ্ভুক্ত হোৱা নাগৰিকসকলক পৰিচয় পত্ৰ প্ৰদান কৰা আৰু শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীতো এবিএমছুৰ প্ৰতিবাদকাৰীসকল সৰৱ হৈ পৰে।