কাপুৰথালাৰ যুৱৰাজ সিং, মহৌৰ ওম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰনিল কুকাৰে ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডৰ অন্তত সম স্ক'ৰেৰে সমতা স্থাপন কৰিছে। ঐতিহাসিক ডিগবৈ গলফ লিংকত অনুষ্ঠিত প্ৰতিযোগিতা খনিত পূৰ্বৰ ৰাউণ্ডত উন্নত প্ৰদৰ্শন কৰা মহৌৰ ওম প্ৰকাশ চৌহানে (৬৭-৬৮-৭০) ছটা বাৰ্ডি, পাৰ-৩ৰ দশম হোলত এটা ডাবল বগী আৰু দুটা বগী কাৰ্ড কৰি টু আণ্ডাৰ ৭০ কাৰ্ডেৰে প্ৰতিযোগিতাৰ ধাৰা অব্যাহত ৰাখে। দ্বিতীয় ৰাউণ্ডৰ অন্তত ওম প্ৰকাশ চৌহানৰ সৈতে যুটীয়াভাৱে নেতৃত্ব দিয়া বেংগালুৰুৰ ৰনিল কুকাৰে (৭০-৬৫-৭০) পাঁচটা বাৰ্ডি আৰু তিনিটা ব’গীৰ সহায়ত দুটা অণ্ডাৰ ৭০ ৰান কৰে। যুৱৰাজে সিঙে (৬৮-৭০-৬৭) ফাইভ আণ্ডাৰ ৬৭ ৰানত চতুৰ্থ স্থানৰ পৰা শীৰ্ষলৈ জপিয়াই পৰে।বাংলাদেশৰ মহম্মদ ৰাজুৱে (৬৯-৭০-৬৮) পাৰ-৪ৰ অষ্টম হোলত পাঁচটা বাৰ্ডি আৰু বগীৰে চাৰিটা আণ্ডাৰ ৬৮ ৰান কৰি অষ্টম স্থানৰ পৰা একক ভাৱে চতুৰ্থ স্থানলৈ উঠি মুঠ ৯ অণ্ডাৰ ২০৭ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ আৰ্যমন আদিত্য মোহনে (৭৩-৭০-৬৫) পাৰ-৫ৰ সপ্তম হোলত এটা ঈগল, আঠটা বাৰ্ডি আৰু তিনিটা বগীৰে ৭ আণ্ডাৰ ৬৫ কাৰ্ড কৰি তেওঁ টাই ২৫ নম্বৰৰ পৰা টাই পঞ্চম স্থানলৈ উঠি মুঠ আঠ আণ্ডাৰ ২০৮ ৰান কৰি দিনটোৰ সৰ্ববৃহৎ জাম্প কৰে। চণ্ডীগড়ৰ অক্ষয় শৰ্মাই (৭৫-৬৭-৬৬) ছয় আণ্ডাৰ ৬৬ কাৰ্ড কৰি আৰ্য্যমানৰ সৈতে পঞ্চম স্থানত সমতা স্থাপন কৰে।ডিপি ৱৰ্ল্ড পিজিটিআইত ১১ বাৰৰ বিজয়ী, ইউৰোপীয় চেলেঞ্জ ট্যুৰৰ প্ৰাক্তন বিজয়ী আৰু ২০২৩ ডি পি ৱৰ্ল্ড পি জি টি আই ৰেংকিংছ চেম্পিয়ন ওম প্ৰকাশ চৌহানে পুনৰবাৰ খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামি পৰিছে। ১ কোটি টকাৰ প্ৰাইজমানিৰ আকৰ্ষণীয় গলফ্ প্ৰতিযোগিতাখনিত চেম্পিয়নৰ লক্ষ্যত উপনীত হবলৈ আগশাৰীৰ গলফা্ৰ সকলৰ মাজত তীব্ৰ প্ৰতিদন্দিতা চলা দেখা গৈছে।