চেন্নাই, ১৭ নৱেম্বৰ: মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় প্ৰিমিয়াৰ লীগৰ খেলুৱৈ হিচাপে ১৮ বছৰীয়া যাত্ৰাৰ সামৰণি ঘটালে। চেন্নাই ছুপাৰ কিংছে মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ২০২৭ চনৰ আইপিএলৰ পৰা ধোনীয়ে দলটোৰ মেণ্টৰ হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিব।

২০২৭ চনৰ আইপিএলৰ খেলুৱৈ ধৰি ৰখাৰ সময়সীমা সমাগত হোৱাৰ সময়তে দলটোৱে এই ঘোষণা কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বিবৃতিত চেন্নাই ছুপাৰ কিংছে ধোনীক ‘এক জীৱনকালত এবাৰহে দেখা পোৱা খেলুৱৈ’ বুলি অভিহিত কৰি তেওঁ দলটোৰ পৰিচয়ৰ অবিচ্ছেদ্য অংশ হৈ থাকিব বুলি জনায়।

২০০৮ চনত আইপিএল আৰম্ভ হোৱাৰ সময়ৰে পৰা চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হৈ আছিল ধোনী। প্ৰথম সংস্কৰণৰ নিলামত চেন্নাইয়ে ১৫ লাখ ডলাৰত তেওঁক ক্ৰয় কৰিছিল। তেওঁৰ নেতৃত্বতে দলটোৱে ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ চনত পাঁচবাৰ আইপিএলৰ খিতাপ জয় কৰে। ধোনীৰ নেতৃত্বত দলটোৱে দুবাৰ চেম্পিয়নছ লীগ টি-২০ৰ খিতাপো লাভ কৰিছিল।

চেন্নাই ছুপাৰ কিংছৰ হৈ ২৭২খন মেচ খেলা ধোনী ফ্ৰেঞ্চাইজিটোৰ সৰ্বাধিক মেচ খেলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। দলটোৰ হৈ তেওঁৰ সংগ্ৰহ ৫,৩১৪ ৰান। দলটোৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপেও তেওঁৰ নাম আছে।

পেশীৰ আঘাতৰ বাবে ধোনীয়ে ২০২৬ চনৰ আইপিএলত এখনো মেচ খেলিব পৰা নাছিল। ২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেওঁ আইপিএলত খেলি গৈছিল আৰু ২০২১ তথা ২০২৩ চনত চেন্নাইক খিতাপ জয়ৰ নেতৃত্ব দিছিল।

“এম এছ ধোনী অবিহনে চেন্নাই ছুপাৰ কিংছৰ কথা কল্পনাই কৰিব নোৱাৰি,” দলটোৰ স্বত্বাধিকাৰী এন শ্ৰীনিবাসনে কয়। ২০০৮ চনত ধোনীক দলৰ অংশ কৰাৰ সিদ্ধান্ত তেওঁৰ অন্যতম শ্ৰেষ্ঠ সিদ্ধান্ত আছিল বুলিও তেওঁ জনায়।

পৰিচালন সঞ্চালক কে এছ বিশ্বনাথনে কয় যে খেলপথাৰত হালধীয়া জাৰ্ছীত ধোনীক আৰু দেখা নাপালেও তেওঁ খেলুৱৈসকলক পথ প্ৰদৰ্শন কৰি থাকিব। আনহাতে, স্বত্বাধিকাৰী ৰূপা গুৰুনাথে ধোনীৰ অভিজ্ঞতা আৰু পৰামৰ্শই দলটোৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলক গঢ় দিয়াত সহায় কৰিব বুলি জনায়।

আইপিএলৰ খেলুৱৈ হিচাপে অৱসৰ গ্ৰহণ কৰিলেও চেন্নাই ছুপাৰ কিংছৰ সৈতে ধোনীৰ সম্পৰ্কৰ অন্ত পৰা নাই। ২০২৭ চনৰ পৰা মেণ্টৰ হিচাপে নতুন ভূমিকাত তেওঁ দলটোৰ সৈতে জড়িত হৈ থাকিব।