কাটিগড়া, ২১ নৱেম্বৰ: ৰে’লৱে ক্ৰছিঙত এখন ট্ৰাক বিকল হৈ পৰাৰ ফলত কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে ৰে’ল চলাচল। কাছাৰ জিলাৰ কাটিগড়াত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাইলাকান্দি ৰে’লৱে ক্ৰছিঙত এই ঘটনা সংঘটিত হয়। ইয়াৰ ফলত আগৰতলা-বেংগালুৰু অভিমুখী হমছফৰ এক্সপ্ৰেছ প্ৰায় ৪০ মিনিট সময় ৰৈ থাকিবলগীয়া হয়।
প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় ১১ বজাত ৰে’লৱে ক্ৰছিং পাৰ হ’বলৈ লওঁতেই ট্ৰাকখনত যান্ত্ৰিক বিজুতি ঘটে। ফলত ট্ৰাকখন ৰে’লপথৰ ওপৰতে আবদ্ধ হৈ পৰে আৰু উক্ত পথেৰে ৰে’ল চলাচল সাময়িকভাৱে স্তব্ধ হৈ পৰে।
ইয়াৰ পাছতে আন চাৰিখন ট্ৰাকৰ সহায় লৈ আবদ্ধ ট্ৰাকখন আঁতৰাবলৈ চেষ্টা কৰা হয় যদিও সফল নহ’ল। প্ৰায় ৩০ মিনিট ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত ট্ৰাকখনত পুনৰ ইন্ধন ভৰাই ইঞ্জিন আৰম্ভ কৰা হয় আৰু তাৰ পাছতহে ৰে’লপথৰ পৰা বাহনখন আঁতৰোৱা সম্ভৱ হয়।
ৰে’লপথৰ পৰা ট্ৰাকখন আঁতৰোৱাৰ পাছত ৰে’ল যাতায়াত স্বাভাৱিক হৈ পৰে। এই ঘটনাৰ বাবে ১২৫০৪ নম্বৰৰ আগৰতলা-বেংগালুৰু হমছফৰ এক্সপ্ৰেছ প্ৰায় ৪০ মিনিট আবদ্ধ হৈ পৰাত যাত্ৰীসকল সমস্যাৰ সন্মুখীন হয়।