শিলচৰ, ২১ নৱেম্বৰ: কাছাৰ জিলা কংগ্ৰেছৰ ভিতৰচ’ৰাত ১০ কঠা ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতে এইবাৰ আইনী ৰূপ লৈছে। দলৰে নেতা সজ্জল আচাৰ্যৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে অপৰাধমূলক মানহানিৰ গোচৰো ৰুজু কৰিছে কংগ্ৰেছ নেতা অভিজিৎ পালে।
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২৬ অক্টোবৰত সজ্জল আচাৰ্যই জয় কুমাৰ সাহা নামৰ এজন ব্যক্তিক ১০ কঠা ভূমি বিক্ৰী কৰা বুলি চৰ্চা আৰম্ভ হৈছিল। এই বিষয়টো প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে সভাপতি গৌৰৱ গগৈয়ে সেই নিশাই সজ্জল আচাৰ্যক তলব কৰে।
ইয়াৰ দুদিন পাছত, অৰ্থাৎ ২৮ অক্টোবৰত এক সংবাদমেল সম্বোধন কৰি সজ্জল আচাৰ্যই নিজৰ স্থিতি স্পষ্ট কৰে। অভিজিৎ পালৰ সৈতে জড়িত ভূমি ক্ৰয়-বিক্ৰয়ৰ বিষয়ত তেওঁক দোষাৰোপ কৰি বদনাম কৰাৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল আচাৰ্যই।
ইয়াৰ মাজতে ভূমি লেনদেনৰ প্ৰকৃত তথ্য বিচাৰি চাৰিগৰাকী কংগ্ৰেছ কৰ্মীয়ে শিলচৰ ছেটেলমেণ্ট কাৰ্যালয়ত আপত্তি দাখিল কৰিছিল আৰু নথি-পত্ৰ বিচাৰি তথ্য জনাৰ অধিকাৰ আইন চমুকৈ আৰটিআইৰ অধীনত আবেদন জনাইছিল।
শুকুৰবাৰে এক সংবাদমেলত অভিজিৎ পালে দাবী কৰে যে ১৮ নৱেম্বৰত লাভ কৰা আৰটিআইৰ উত্তৰত সংশ্লিষ্ট ভূমি সম্পৰ্কীয় নথিত সজ্জল আচাৰ্যৰ স্বাক্ষৰ থকাৰ তথ্য পোৱা গৈছে। দলৰ ভিতৰত দীৰ্ঘদিনীয়া সম্পৰ্ক থকাৰ বাবে তেওঁ সেই স্বাক্ষৰ চিনাক্ত কৰিব পাৰিছে বুলিও উল্লেখ কৰে পালে।
অভিজিৎ পালৰ অভিযোগ অনুসৰি, ১০ কঠা ভূমি ধনৰ বিনিময়ত হস্তান্তৰ কৰাৰ বাবে সজ্জল আচাৰ্যই অনাপত্তি প্ৰমাণপত্ৰ চমুকৈ এনঅ’চিৰ আবেদন জনাইছিল। এই লেনদেনৰ প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ তেওঁ শিলচৰ সদৰ আৰক্ষী থানাত আচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু অপৰাধমূলক মানহানিৰ গোচৰো তৰে।
ইয়াৰ উপৰি ভূমি ক্ৰেতা বুলি অভিযোগ উত্থাপিত জয় কুমাৰ সাহা আৰু অধিবক্তা পৰেশ দাসকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে পালে। আৰটিআইৰ জৰিয়তে লাভ কৰা নথি আৰক্ষীক জমা দিয়া বুলি উল্লেখ কৰি তেওঁ তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয়।