শদিয়া, ৩ নৱেম্বৰঃ

উজনি অসমৰ শদিয়াত সোমবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। ধুমুহাৰ ফলত গছ বাগৰি পৰি এজন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে, গছ বাগৰি ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰে।

মৃত লোকজনৰ নাম শংকৰ শ্বাহ। তেওঁ ঢলা অঞ্চলৰ বাসিন্দা। মাৰোৱাৰী পট্টিত ধুমুহাৰ সময়ত এডাল প্ৰকাণ্ড গছ তেওঁৰ ওপৰত বাগৰি পৰাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

গছডাল বাগৰি শদিয়াৰ পৰা চাপাখোৱালৈ সংযোগ কৰা ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ফলত পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। মঙলবাৰে পুৱালৈকে বহু বাহন পথতে আবদ্ধ হৈ থাকে।

ধুমুহাৰ প্ৰচণ্ড বতাহত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে বিদ্যুৎ যোগানো ব্যাহত হয়। সংশ্লিষ্ট কৰ্তৃপক্ষই পথৰ পৰা গছ আঁতৰাই যাতায়াত পুনৰ স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে। লগতে ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ কামো অব্যাহত আছে